15 C
Guwahati
Tuesday, January 25, 2022
More

    নিৰ্ভয়াৰ অপৰাধীৰ কাইলৈ পুৱা হ’ব ফাঁচী, ডেথ ৱাৰেণ্ট স্থগিত নহয়

    বৃহস্পতিবাৰে পাটিয়ালা হাউছ কৰ্টত হোৱা শুনানিৰ সময়ত হয় হাইভল্টেজ ড্ৰামা। আদালততে ন্যায়াধীশৰ সন্মুখতে দোষী অক্ষয় কুমাৰৰ পত্নীয়ে হিয়া ঢাকুৰি কান্দিব আৰম্ভ কৰে

    নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ ৪ অপৰাধীৰ ২০ মাৰ্চতে হ’ব ফাঁচী। পাটিয়ালা হাউছ কৰ্টে ৪ অপৰাধীৰ ডেথ ৱাৰেণ্ট স্থগিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান নকৰে। ইয়াৰ বাবে আদালতে দাখিল কৰা আৱেদন খাৰিজ কৰিলে। এতিয়া এইটো নিশ্চিত হৈ পৰিছে যে কাইলৈ পুৱা ৪ অপৰাধীক ফাঁচীকাঠত ওলমোৱা হ’ব।

    বৃহস্পতিবাৰে পাটিয়ালা হাউছ কৰ্টত হোৱা শুনানিৰ সময়ত হয় হাইভল্টেজ ড্ৰামা। আদালততে ন্যায়াধীশৰ সন্মুখতে দোষী অক্ষয় কুমাৰৰ পত্নীয়ে হিয়া ঢাকুৰি কান্দিব আৰম্ভ কৰে। অক্ষয় কুমাৰৰ পত্নীয়ে নিৰ্ভয়াৰ মাতৃৰ ভৰি স্পৰ্শ কৰি কয় যে আপুনি মোৰ মাতৃৰ দৰে অনুগ্ৰহ কৰি ফাঁচী ৰখাই দিয়ক।

    ইফালে উচ্চতম ন্যায়ালয়ে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ অপৰাধী অক্ষয় কুমাৰৰ আৱেদন খাৰিজ কৰে। অক্ষয় কুমাৰে ৰাষ্ট্ৰপতি দ্বাৰা ক্ষমা আৱেদন খাৰিজ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। উচ্চতম ন্যায়ালয়ত নিৰ্ভয়াৰ অধিবক্তা এপি সিঙে ক’লে যে আৰক্ষীয়ে অক্ষয়ক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছে। আৰক্ষীয়ে থাৰ্ড ডিগ্ৰী ব্যৱহাৰ কৰিছে।

    Photo credit: outlookindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং