কৰ’ণা ভাইৰাছ বিয়পোৱাৰ পিছত হাইলাকান্দি জিলা প্ৰশাসনে ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰি দিয়াত সমগ্ৰ জিলাখনৰ পেট্ৰ’ল পাম্পসমূহত মাস্ক নিপিন্ধা বাহন চালকসকলক পেট্ৰ’ল দিয়াটো বন্ধ কৰি দিছে।
জিলাখনৰ পেট্ৰ’ল পাম্পসমূহত No Mask, No Fuel বেনাৰ আঁৰি কৰ’ণা ভাইৰাছৰ প্ৰভাৱ ৰুধিবলৈ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰিছে। হাইলাকান্দিৰ পেট্ৰ’ল পাম্পত এখন বেনাৰত লিখিছে যে এখন মাস্ক এখন ভেণ্টিলেটৰতকৈ প্ৰয়োজনীয়।
মুখত মাস্ক পৰিধান কৰা পদক্ষেপে গ্ৰাহকৰ লগতে পেট্ৰ’ল পাম্পত কৰ্মৰত কৰ্মীৰো জীৱন সুৰক্ষিত থাকিব কৰ’ণা ভাইৰাছৰ পৰা। পেট্ৰ’ল পাম্পৰ এজন কৰ্মীয়ে এই মন্তব্য কৰিলে। পেট্ৰ’ল পাম্পসমূহ সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰতো কঠোৰ হোৱাৰ কথাও জনালে কৰ্মীজনে।

মেডিকেল ষ্টোৰসমূহত N-95 মাস্কৰ নাটনি হোৱা বাবে, প্ৰশাসনে ৰাইজক আহ্বান জনাইছে যে বেলেগ প্ৰকাৰে মাস্ক ব্যৱহাৰ কৰক। ৰুমাল বা কাপোৰৰ টুকুৰা ব্যৱহাৰ কৰক ঘৰৰ বাহিৰলৈ ওলালে।
কৰ’ণা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হাইলাকান্দি আৰু লালা পৌৰ বৰ্ডে ছুইপাৰসকলক মাস্ক বিতৰণ কৰে।
Photo: Time8