30 C
Guwahati
Tuesday, September 27, 2022
More

    নতুন যান-বাহন আইন, খোদ নীতিন গাডকাৰীয়েও ভৰিবলগীয়া হ’ল জৰিমনা

    নতুন যান-বাহন আইন উলংঘা কৰাৰ বাবে কেৱল সাধাৰণ জনতাই নহয়, নিয়ম ভংগ কৰাৰ বাবে খোদ পথ, পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও ভৰিবলগীয়া হৈছে জৰিমনা

    যিসময়ত নতুন যান-বাহন আইন ভংগ কৰি জ্বলা-কলা খাবলগা হৈছে তেনে সময়তে আহিছে এক খবৰ। নতুন যান-বাহন আইন উলংঘা কৰাৰ বাবে কেৱল সাধাৰণ জনতাই নহয়, নিয়ম ভংগ কৰাৰ বাবে খোদ পথ, পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও ভৰিবলগীয়া হৈছে জৰিমনা। দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত জৰিমনা ভৰিবলগীয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

    নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেওবাৰে ১০০টা দিন সম্পূৰ্ণ কৰিলে কেন্দ্ৰীয় চৰকাৰে, চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে নীতিন গাডকাৰীয়ে সম্বোধন কৰে এক সংবাদমেল আৰু এই সংবাদমেলতে খোদ মন্ত্ৰীজনে প্ৰকাশ কৰে আইন অমান্য কৰাৰ তেওঁ নিজে জৰিমনা ভৰিবলগীয়া হোৱাৰ কথা। চালকে দ্ৰুতগতিত চলোৱাৰ বাবে নীতিন গাডকাৰীয়েহে ভৰিবলগীয়া হ’ল জৰিমনা। কিয়নো তেওঁ যিখন গাড়ীত উঠি গৈছিল, সেইখন গাড়ীখন পঞ্জীয়ন আছিল তেওঁৰ নামত।

    লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় জনতাৰ জীৱন সুৰক্ষা কৰিবৰ বাবেই বলবৎ কৰা হৈছে নতুন নিয়ম। যি নিয়মৰ ফলত যথেষ্ট পৰিমাণে হ্ৰাস পাব দুৰ্ঘটনা। উল্লেখ্য যে ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে যান-বাহন আইনৰ নতুন নিয়ম আৰু নিয়মৰ বাবে একপ্ৰকাৰ হাহাকাৰ লাগিছে বিভিন্নজনৰ মাজত। কিয়নো আইন উলংঘা কৰি ভৰিবলগীয়া হৈছে বহু পৰিমাণৰ জৰিমনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং