কৰ’ণা সংকটৰ সময়ত বৃহৎ সংখ্যক প্ৰৱাসী শ্ৰমিক উভতিছে নিজ গৃহলৈ। নিজ নিজ ঘৰলৈ ঘূৰি অহাৰ পিছত এতিয়া কৰ্মসংস্থাপনৰ সংকটে আগুৰিছে এইসকল শ্ৰমিকক।
এই পৰিস্থিতিত কেন্দ্ৰ চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে।
এই আঁচনিখনৰ নাম হ’ল দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন। ২০ জুনত এই আঁচনিখনৰ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আঁচনিখনৰ বিষয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে।
এই আঁচনিৰ আধাৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পলায়ন কৰি নিজৰ নিজৰ গাঁৱত উপস্থিত হোৱা প্ৰৱাসী শ্ৰমিসকলক কৰ্মসংস্থাপন দিয়া হ’ব।
ইয়াৰ লগতে এই অভিযান দেশৰ ৬খন ৰাজ্যৰ ১১৬খন জিলত আৰম্ভ কৰা হ’ব।
২০ জুনত অভিযান আৰম্ভ কৰাৰ মুহূৰ্তত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী আৰু সংযুক্ত মন্ত্ৰালয়েও ভিডিঅ’ কনফাঞ্চেৰিঙৰ জৰিয়তে সংযুক্ত হ’ব।
কোনখন ৰাজ্যত কিমানখন জিলা

৫০ হাজাৰ কোটি টকাৰ মূল্য
৫০ হাজাৰ কোটি টকাৰ মূল্যৰে আৰম্ভ হ’বলৈ ওলোৱা এই আঁচনিৰ আধাৰত শ্ৰমিকসকলক ২৫ প্ৰকাৰৰ কাম দিয়া হ’ব।
যিকেইখন ৰাজ্যৰ এই আঁচনিৰ পৰা লাভ হ’ব সেইকেইখন হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িশা।
এই আঁচনিৰ দ্বাৰা ২৪ হাজাৰ প্ৰৱাসী শ্ৰমিকৰ লাভ হ’ব বুলি দাবী কৰা হৈছে। চৰকাৰৰ দাবী যে শ্ৰমিকসকলৰ স্কিল মেপিং কৰা হৈছে।
Photo Credit: New Indian Express