অৱশেষত ন্যায় পালে নিৰ্ভয়াই। তিহাৰ জে’লত ফাঁচী দিয়া হ’ল নিৰ্ভয়া গণ ধৰ্ষণকাণ্ডৰ ৪ নৰপিশাচ ক্ৰমে মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক।
তিহাৰ জে’লৰ ডিজি সন্দীপ গোৱেলৰ তত্বাৱধানত ফাঁচী দিয়া হয় চাৰি অপৰাধীক। ১৫ জনীয়া দলৰ নিৰীক্ষণত চাৰিওকে ফাঁচীকাঠত ওলমালে পৱন জল্লাদে।
চাৰিওজন দোষীকে ফাঁচীকাঠত ওলমোৱাৰ লগতে তেওঁলোকৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
২০১২ ৰ ১৬ ডিচেম্বৰৰ নিশা সংঘটিত এই বৰ্বৰ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিৰ্ভয়া কাণ্ডৰ দোষীক শাস্তি প্ৰদান আৰু নিৰ্ভয়াৰ পৰিয়ালৰ লোকক ন্যায় দিয়াৰ দাবীত ৰাজপথত চলিছিল তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে দোষী কেইগৰাকীৰ ফাঁচী পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বিভিন্ন কৌশল গ্ৰহণ কৰিছিল। ইতিমধ্যে তিনিবাৰ তেওঁলোকৰ ফাঁচী পিচুওৱা হৈছিল আৰু অৱশেষত ৭ বছৰ তিনি মাহ তিনিদিনৰ পিছত নিৰ্ভয়াই পালে ন্যায়।
Photo credit: mathrubhumi.com