সমগ্ৰ দেশবাসীয়ে ১ ফেব্ৰুৱাৰীলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছিল কিয়নো সেই দিনটোতে ফাঁচীকাঠত ওলমোৱাৰ কথা আছিল নিৰ্ভয়া গণধৰ্ষণৰ ৪টা নৰপিশাচক। কিন্তু দেশবাসীক আশাহত কৰা খবৰ আহিল, ১ ফেব্ৰুৱাৰীত ফাঁচী নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ। অভিযুক্ত বিনয় শৰ্মাই দাখিল কৰা ৰাষ্ট্ৰপতিৰ ক্ষমা আবেদনৰ ভিত্তিত স্থগিত ৰখা হ’ল ফাঁচীৰ দিন।
এই আবেদনৰ বিবেচনা নোহোৱালৈকে ফাঁচীৰ দিন ধাৰ্য কৰা নহয়। শনিবাৰে পুৱা ৬ বজাত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ মৃত্যুদণ্ডৰ বাবে ইতিমধ্যে তিহাৰ জে’লত সম্পূৰ্ণ যোজা চলোৱাৰ লগতে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছিল। প্ৰথমে ২২ জানুৱাৰীত ফাঁচীৰ দিন স্থগিত হোৱাৰ পিছত দ্বিতীয়বাৰলৈ স্থগিত হ’ল অক্ষয় ঠাকুৰ, মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মাৰ ফাঁচী।
Photo Credit: India.com