তৃতীয় বাৰৰ কাৰণে স্থগিত হ’ল নিৰ্ভয়া কাণ্ডৰ নৰপিশাচৰ ফাঁচীৰ দিন। বাৰে বাৰে এই খবৰে দেশবাসীক কৰিছে আশাহত। নিৰ্ভয়া কাণ্ডৰ ৪ ঘাতকৰ ফাঁচীৰ নতুন তাৰিখৰ সন্দৰ্ভত আজি দিনৰ ২ বজাত শুনানি গ্ৰহণ কৰিব দিল্লীৰ পাটিয়ালা হাউচ আদালতে।
উল্লেখ্য যে নিৰ্ভয়া কাণ্ডৰ ৪ দোষী ক্ৰমে অক্ষয় ঠাকুৰ, বিনয় শৰ্মা, মুকেশ সিং আৰু পৱন গুপ্তাই ইতিমধ্যে সকলো ধৰণৰ আইনী বিকল্পৰ প্ৰয়োগ কৰিছে তাৰপিছতে তিহাৰ জে’ল কৰ্তৃপক্ষই অপৰাধীকেইটাৰ বিৰুদ্ধে নতুন ফাঁচীৰ তাৰিখ নিৰ্ধাৰণৰ বাবে আদালতত আবেদন জনায়।
ইফালে ৩ বাৰকৈ দোষীৰ ফাঁচীৰ দিন স্থগিত ৰখা কাৰ্যত দুখত ব্যথিত হোৱাৰ পিছতো নিৰ্ভয়াই পলমকৈ হ’লেও ন্যায় পাব বুলি আশাবাদী নিৰ্ভয়া মাতৃ আশা দেৱী।
Photo: republicworld.com