29 C
Guwahati
Saturday, October 23, 2021
More

    ফাঁচীৰ ৩ দিন পূৰ্বে নিৰ্ভয়াৰ দোষী অক্ষয়ৰ নতুন কৌশল, পুনৰ ক্ষমা ভিক্ষা আৱেদন

    পূৰ্বে এবাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিৰ্ভয়াৰ দোষী অক্ষয়ৰ ক্ষমা ভিক্ষা আৱেদন খাৰিজ কৰিছিল

    নিৰ্ভয়াক দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰাৰ দোষী অক্ষয়ে ফাঁচীৰ ঠিক ৩ দিন পূৰ্বে পুনৰবাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আৱেদন জনালে। দোষী অক্ষয়ে ৰাষ্ট্ৰপতিৰ ওচৰত পুনৰ ক্ষমা ভিক্ষা আৱেদন জনালে। ইয়াৰ পূৰ্বে এবাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিৰ্ভয়াৰ দোষী অক্ষয়ৰ ক্ষমা ভিক্ষা আৱেদন খাৰিজ কৰিছিল। এটা নিউজ এজেঞ্চী অনুসৰি অক্ষয়ে এখন নতুন ক্ষমা ভিক্ষা আৱেদন কৰি কয় যে পূৰ্বৰ আৱেদনত সকলো তথ্য অন্তৰ্ভুক্ত নাছিল।

    ফাঁচীৰ পৰা বাচিবলৈ নিৰ্ভয়াৰ দোষী অক্ষয়ৰ এয়া নতুন কৌশল। দৰাচলতে নিৰ্ভয়া কাণ্ডৰ লগত জড়িত আটাইকেইজন দোষীক ৩ মাৰ্চৰ পুৱা ফাঁচী দিয়াৰ ডেথ ৱাৰেণ্ট জাৰি হৈছে। পাটিয়ালা হাউছ কৰ্টৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধমেন্দ্ৰ ৰানাই নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিবলৈ দিয়া আৱেদনত এই আদেশ প্ৰদান কৰিছিল।

    ইয়াৰোপৰি শুকুৰবাৰে নিৰ্ভয়াৰ আন এটা দোষী পৱন কুমাৰে ফাঁচীৰ পৰা বাচিবলৈ উচ্চতম ন্যায়ালয়ত কিউৰেটিভ পিটিচন দাখিল কৰিছিল। পৱনে নিজৰ কিউৰেটিভ পিটিচনত মৃত্যুৰ শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ আৱেদন জনাইছিল। পৱন কুমাৰৰ অধিবক্তা এ পি সিঙে আৱেদন জনাইছিল যে অপৰাধৰ সময়ত পৱন কুমাৰ নাবালক আছিল আৰু তাক মৃত্যুৰ শাস্তি প্ৰদান কৰিব নালাগে।

    পৱন গুপ্তাৰ কিউৰেটিভ আৱেদনক লৈ উচ্চতম ন্যায়ালয়ে সোমবাৰে অৰ্থাৎ ২ মাৰ্চৰ পুৱা ১০.২৫ বজাত শুনানি গ্ৰহণ কৰিব।

    Photo credit: chaitanyabharatnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং