22 C
Guwahati
Tuesday, October 26, 2021
More

    নিৰ্ভয়া কাণ্ডঃ ৩ মাৰ্চৰ পুৱা ফাঁচী দিয়া হ’ব নিৰ্ভয়াৰ দোষীক, নতুন ডেথ ৱাৰেণ্ট জাৰি

    প্ৰায় ১ ঘণ্টা ধৰি হোৱা শুনানিৰ পিছত নিৰ্ভয়াৰ দোষীকেইটাক ৩ মাৰ্চত ফাঁচী কাঠত ওলমোৱাৰ নিৰ্দেশ প্ৰদান কৰে

    নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ দোষীক ফাঁচী দিয়াৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে। সোমবাৰে পাটিয়ালা হাউছ ক’ৰ্টে দিলে ফাঁচীৰ নিৰ্দেশ। প্ৰায় ১ ঘণ্টা ধৰি হোৱা শুনানিৰ পিছত নিৰ্ভয়াৰ দোষীকেইটাক ৩ মাৰ্চত ফাঁচী কাঠত ওলমোৱাৰ নিৰ্দেশ প্ৰদান কৰে। নতুন ডেথ ৱাৰেণ্ট অনুসৰি ৩ মাৰ্চৰ পুৱা ৬ বজাত নিৰ্ভয়াৰ দোষীকেইটাক ফাঁচী দিয়া হ’ব।

    ইয়াৰ পূৰ্বে ২ বজাত আৰম্ভ হোৱা শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই ক’লে যে ৩ দোষী অক্ষয়, বিনয় আৰু মুকেশৰ ক্ষমাৰ আৱেদন খাৰিজ হৈছে। অধিবক্তাই কোৱা অনুসৰি উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা প্ৰদান কৰা এসপ্তাহৰ ম্যাদো ১১ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। তেওঁ জনালে যে বৰ্তমান কোনো এটা দোষীৰে কোনোধৰণৰ আৱেদন আদালতত বিলম্ব হোৱা নাই, সেইবাবে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিব পাৰি।

    উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিৰ্ভয়াৰ দোষীক ফাঁচী দিয়াক লৈ দুবাৰকৈ ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে। প্ৰথমবাৰ পাটিয়ালা হাউছ ক’ৰ্টে ২২ জানুৱাৰী পুৱা ৭ বজাত ফাঁচী দিবলৈ ডেথ ৱাৰেণ্ট জাৰি কৰিছিল। তেতিয়া দোষী মুকেশে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং