নিৰ্ভয়াক দলৱদ্ধ ধৰ্ষণ আৰু হত্যা কৰা ৪ দোষীৰ নিৰাপত্তাৰ নামত জেল প্ৰশাসনৰ প্ৰতিদিনে প্ৰায় ৫০ হাজাৰ টকা খৰচ হয়। এই খৰচ সেইদিনাৰ পৰা আৰম্ভ হৈছে যিদিনাৰ পৰা আদালতে দোষীকেইটাক ফাঁচীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছিল। ছেলৰ বাহিৰত ২৪ ঘণ্টাই মোতায়ন কৰা ৩২জন সুৰক্ষা কৰ্মী আৰু ফাঁচী দিবলৈ কৰা কামসমূহত ব্যয় হৈছে এই টকা, প্ৰতি ২ ঘণ্টাত সুৰক্ষা কৰ্মীৰ ছিফ্ট সলনি কৰা হয় যাতে তেওঁলোকেও জিৰণি ল’ব পাৰে।
জেল সূত্ৰই জনোৱা অনুসৰি ৪ হত্যাকাৰীক তিহাৰৰ জেল নম্বৰ-৩ত পৃথক পৃথক ছেলত ৰখা হৈছে। প্ৰতিটো ছেলৰ বাহিৰত দুজনকৈ নিৰাপত্তী ৰক্ষী মোতায়ন কৰা হৈছে। ইয়াৰে এজন হিন্দী আৰু ইংৰাজীৰ জ্ঞান নথকা তামিলনাডুৰ বিশেষ আৰক্ষীৰ জোৱান আৰু আনজন তিহাৰ জেল প্ৰশাসনৰ।
প্ৰতি ২ ঘণ্টাত এইসকল গাৰ্ডক জিৰণি ল’বৰ বাবে সময় দিয়া হয়। ছিফ্ট সলনি হোৱাৰ পিছত অন্য গাৰ্ডক মোতায়ন কৰা হয়। প্ৰতিজন কয়দীৰ বাবে ২৪ ঘণ্টাত ৮ জনকৈ নিৰাপত্তী ৰক্ষী নিয়োগ কৰা হয়। অৰ্থাৎ ৪ দোষীৰ বাবে মুঠ ৩২জন নিৰাপত্তী ৰক্ষী।
জেল বিষয়াই জনোৱা অনুসৰি ডেথ ৱাৰেণ্ট জাৰি হোৱাৰ পূৰ্বে নিৰ্ভয়াৰ ৪ দোষীক অন্য কয়দীৰ সৈতে একেলগে ৰখা হৈছিল। ছুইচাইড কৰিবলৈ নোৱাৰাকে, জেলৰ পৰা পলায়ন কৰিব নোৱাৰাকে ফাঁচী দিয়াৰ পূৰ্বে যিকোনো বাধাৰ সন্মুখীন নহ’বলৈ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছত দোষীকেইটাক পৃথকৈ ৰখা হৈছে।
Photo credit: google.com