24 C
Guwahati
Thursday, October 28, 2021
More

    ATMত টকা ভৰোৱাসকলেই CCTVত টেপ মাৰি উলিয়াই নিলে ৯ লাখ টকা

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২জন লোকক গ্ৰেপ্তাৰ কৰে

    সদৰ থানা ক্ষেত্ৰৰ ত্ৰিৰংগা চকস্থিত কানাড়া বেংকৰ ATMৰ পৰা ৯ লাখ ৭০ হাজাৰ ৮০০ টকা লুটি লৈ যোৱাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২জন লোকক গ্ৰেপ্তাৰ কৰে। বুদ্ধিমত্তাৰে এই ঘটনাটো সংঘটিত কৰে দুৰ্বৃত্তই। কিন্তু আৰক্ষীৰ অনুসন্ধানত কিছু সময়ৰ পিছতে এই চুৰিকাণ্ডৰ ৰহস্য ফাদিল হয়। ATMৰ ধন ৰখা স্থানটো সম্পূৰ্ণভাৱে মুকলি হৈ আছিল, আৰক্ষীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে SP ৰাকেশ কুমাৰে। স্থানীয় লোকসকলে ধন চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰে, তাৰ পিছতে সদৰ SDPOৰ নেতৃত্বত সদৰ থানা আৰক্ষীয়ে ATMত টকা ভৰোৱা ৰাইটৰ নিৰাপত্তাৰক্ষীৰ দুজন কৰ্মীক গ্ৰেপ্তাৰ কৰে।

    মেনেজাৰে ক’লে যে টকা ভৰোৱাৰ সময়ত কোম্পানীৰ কৰ্মীসকলেই জানে ওৱান টাইম পাছৱৰ্ড। পূৰ্বৰে পৰা ATMত টকা আছিল। প্ৰায় ৯ লাখ ৭০ হাজাৰ ৮০০ টকা অন্তৰ্ধান হোৱাৰ খবৰ পোহৰলৈ আহিছে। কৰ্মীসকলে CCTV কেমেৰাত টেপ মাৰি এই ঘটনাটো সংঘটিত কৰিছে। ইয়াৰ পূৰ্বেও এই ATMটোতে একেধৰণৰ ঘটনা সংঘটিত কৰিছিল। উল্লেখ্য যে, কানাড়া বেংক মেনেজাৰ অনুজ কুমাৰে ক’লে যে বেংকটোৰ তিনিটা ATM অ়ঞ্চলটোত আছে। ত্ৰিৰংগা চকস্থিত ATMটোৰ দায়িত্ব দিয়া হৈছিল ৰাইটৰ নিৰাপত্তাৰক্ষীক। মঙলবাৰে কোম্পানীৰ লালু মালাকাৰ আৰু দিলীপ কুমাৰক ১০ লাখ টকা দিয়া হৈছিল ATMত ভৰাবলৈ। প্ৰায় সন্ধিয়া ৪.৩০ বজাত তেওঁলোকে টকা ভৰাইছিল আৰু বুধবাৰে পুৱা চুৰিকাণ্ডৰ ঘটনাটো পোহৰলৈ আহে।

    Photo credit: deccanherald.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং