বিহাৰৰ পাটনাত এতিয়া সাগৰীয় সদৃশ পৰিৱেশ। চাৰিওফালে কেৱল পানী আৰু পানী। কি বাট-পথ, কি হাস্পতাল, কি স্কুল-কলেজ সকলো এতিয়া জলমগ্ন হৈ পৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত গৃহহাৰা হৈছে বহু লোক, কোনোৱে আকৌ আপোনজনক হেৰুৱাইছে। মুঠতে বিহাৰৰ বানে লৈ আহিছে বান বিভীষিকা।

কিন্তু এই দুৰ্যোগৰ সময়ত এগৰাকী যুৱতীৰ ফটোশ্বুট ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। পাটনাৰ কৃত্ৰিম বানৰ মাজতে ভাইৰেল ফটোশ্বুট এগৰাকী ছাত্ৰীৰ। NIFTৰ এগৰাকী ছাত্ৰীয়ে কৰালে এই ফটোশ্বুট।

বিহাৰত বানৰ প্ৰকোপৰ ফলত হোৱা দুৰ্বিষহ জীৱনৰ ফটোৰ লগতে এই যুৱতীগৰাকীৰ ফটো ভাইৰেল হৈ পৰাত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে এই যুৱতীগৰাকী।
চাওক ভিডিঅ’: