17 C
Guwahati
Saturday, January 15, 2022
More

    NF ৰে’লৱেৰ জেনেৰেল মেনেজাৰে হঠাৎ উপস্থিত হৈ পৰিদৰ্শন কৰিলে অসমৰ কেইবাটাও ৰে’ল ষ্টেচন

    বিষয়া গৰাকীয়ে যথাসম্ভৱ চেষ্টা কৰি সমস্যা সমুহ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে

    এন এফ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ, আলিপুৰদুৱাৰ ডিভিজনৰ ডি আৰ এম আৰু বিভাগীয় বিষয়াই অৱস্থাৰ বুজ লয় গোসাঁইগাঁও হাট ৰে’ল ষ্টেচনৰ। লগতে পৰিদৰ্শন কোকৰাঝাৰ, ফকিৰাগ্ৰাম, চৌতৰা, নিউ-বঙাইগাঁও, কামাখ্যা, কামাখ্যাগুৰী আৰু আলিপুৰদুৱাৰ ৰে’ল ষ্টেচনৰ।

    এন এফ ৰে’লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ অধীনস্থ গোসাঁইগাঁও হাট ৰে’ল ষ্টেচনৰ গুৰুত্ব অপৰিসীম। কিন্তু বহু সমস্যাৰে জৰ্জৰিত এই গোসাঁইগাওঁ হাট ৰে’ল ষ্টেচন। এন এফ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ জীবন ৰায়, আলিপুৰদুৱাৰ ডিভিজনৰ ডি আৰ এম অৱস্থাৰ বুজ লয় গোসাঁইগাঁও হাট ৰে’ল ষ্টেচনৰ।

    প্ৰবেশদ্বাৰ, দোকানঘৰ, চাউনি, গছ-গছনি আদিৰ পৰিদৰ্শন কৰাৰ লগতে ৰে’ল পথৰ সৰু দলঙবোৰো পৰিদৰ্শন কৰে। ব্ৰহ্মপুত্ৰ মেইল ৰে’লগাড়ী খনৰ বাহিৰে দিনৰ ভাগত গোসাঁইগাঁও হাট ৰে’ল ষ্টেচনত কোনো মেইল ট্ৰেইন ৰখোৱাৰ ব্যবস্থা নাই। দুৰণিবটীয়া ট্ৰেইন বিশেষকৈ দক্ষিণ ভাৰতৰ লগত যোগাযোগ ব্যৱস্থা ৰক্ষা কৰা কামৰূপ এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ গোসাইগাঁৱত ৰখাবলৈ দাবী জনাই আহিছে। বিষয়া গৰাকীয়ে যথাসম্ভৱ চেষ্টা কৰি সমস্যা সমুহ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে।

    Inputs And Photo: @biswajit chaudhury

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং