28 C
Guwahati
Friday, September 30, 2022
More

    তামিলনাডুৰ নেৱেলী লিগনাইট কৰপ’ৰেচনত বয়লৰ বিস্ফোৰণ, ৫জন নিহত, ১৭আহত

    তামিলনাডুৰ নেৱেলী লিগনাইট কৰপ’ৰেচনত বয়লৰ বিস্ফোৰণ। NLCৰ লগতে নিজৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল আছে। দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

    ইয়াৰ লগতে পৰিস্থিতিৰ বুজ ল’বলৈ কুড্ডালোৰ জিলা প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

    বৰ্তমানলৈও বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই। প্ৰাথমিক ৰিপৰ্টত বয়লৰ বিস্ফোৰণৰ বাবে ৫জন লোকৰ মৃত্যু হয় আৰু ১৭জন লোক আহত হয়।

    হতাহতৰ লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা।

    একেধৰণৰ বিস্ফোৰণৰ ঘটনা ৭ মে’তো সংঘটিত হৈছিল। এই বিস্ফোৰণত ৫জন লোকৰ মৃত্যু হৈছিল।

    ৭ মে’তো নেৱেলী পাৱাৰ প্লেণ্টত বয়লৰ বিস্ফোৰণ হয়। এই ঘটনাটো ৮৪ মিটাৰ উচ্চতাৰ বয়লৰত এই দুৰ্ঘটনাটো সংঘটিত হয়।

    সেই সময়ত কৰ্মচাৰী আৰু টেকনিছিয়ান ৩২ মিটাৰ দূৰত্বত থিয় হৈ আছিল।

    বিস্ফোৰণৰ পিছত CISFৰ ফায়াৰ উইঙে পৰস্থিতি নিয়ন্ত্ৰণ কৰে। এই দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হৈছিল, ইয়াৰে ৫জন লোকে মৃত্যুক সাৱটি লয়।

    এই দুৰ্ঘটনাটোৰ পিছত কোম্পানীয়ে কৈছিল যে NLCয়ে ঘটনাটো তদন্ত কৰিবলৈ ৬ জনীয়া কমিটী গঠন কৰিছে।

    জেনেৰেল মেনেজাৰৰ অধীনত থাকিব এই কমিটী।

    Photo Credit: Google

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং