29 C
Guwahati
Saturday, October 23, 2021
More

    জানুৱাৰীৰ পৰা জনতাৰ মূৰত মাধমাৰ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ’ব বৃদ্ধি

    গাখীৰৰ মূল্য ৩৫ শতাংশ বৃদ্ধি হোৱাৰ পিছত এতিয়া আটা ১৮ৰ পৰা ২০ শতাংশ, চেনি ১৪ শতাংশ আৰু তেল ১৫ শতাংশলৈ বৃদ্ধি হৈছে

    নতুন বছৰৰ আৰম্ভণিৰে পৰা পুনৰ পৰিব জনতাৰ মূৰত মাধমাৰ। নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য হ’ব বৃদ্ধি। বৃদ্ধি হোৱা মূল্যৰ পিছতে প্ৰভাৱ পৰিব মাহেকীয়া বাজেটৰ ওপৰত। শাক-পাচলিত বিশেষকৈ আলু, নহৰু আৰু পিয়াঁজৰ মূল্য বৃদ্ধিৰ পিছত এতিয়া তেল, আটা, চেনিৰ মূল্যও ১২ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি হ’ব।

    কিন্তু কেইবাটাও কোম্পানীয়ে যেনে নেছলে, পাৰলে আৰু আইটিচিয়ে ক’লে যে তেওঁলোকে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ পৰিৱৰ্তে সামগ্ৰীৰ পেকেটৰ আকাৰ সৰু কৰিব। এই পদ্ধতিৰে ৰাইজে সমস্যাত ভুগিবলীয়া নহ’ব। যদি কোম্পানীয়ে পেকেটৰ আকাৰ সৰু নকৰে তেন্তে মূল্য বৃদ্ধি কৰা হ’ব।

    ইক’নমিক টাইমছৰ ৰিপৰ্ট অনুসৰি আইটিচিয়ে ক’লে যে সামগ্ৰীসমূহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে কেইবাটাও কোম্পানীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। গাখীৰৰ মূল্য ৩৫ শতাংশ বৃদ্ধি হোৱাৰ পিছত এতিয়া আটা ১৮ৰ পৰা ২০ শতাংশ, চেনি ১৪ শতাংশ আৰু তেল ১৫ শতাংশলৈ বৃদ্ধি হৈছে।

    জানুবাৰীৰ পৰা বিস্কুট, নুডেলছ, নিমখীয়া সামগ্ৰী, ফ্ৰজেন ফুড, কেক, চাবোন আৰু ৰেডি টু ইট মিলছৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা।

    Photo credit: dhakatribune.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং