22 C
Guwahati
Thursday, January 20, 2022
More

    জুবিন গাৰ্গে লিখিলে- ‘Nooooo CAB .we wl destroy it’

    জুবিন গাৰ্গৰ এই পোষ্ট মূহুৰ্তৰ ভিতৰতে লাইক, শ্বেয়াৰ, কমেণ্টেৰে উপচি পৰে

    কেবৰ বিৰোধিতা কৰাৰ বাবেই ডিব্ৰুগড় চৌকিডিঙীত জিলা প্ৰশাসনে বাতিল কৰিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। এই ঘটনাৰ ৰাজ্যজুৰি হয় তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখ্য যে আৰম্ভণিৰে পৰা কেবৰ বিৰুদ্ধে মাত মাতি আহিছে অসমৰ হাৰ্টথ্ৰৱগৰাকীয়ে। কোনোপধ্যই অসমৰ জনসাধাৰণে কেব মানি নলয় বুলি হুংকাৰ দি আহিছে জুবিন গাৰ্গে।

    Nooooo CAB .we wl destroy it

    Posted by Zubeen Garg on Saturday, December 7, 2019

    সংগীতানুষ্ঠান বাতিল হোৱাৰ পিছত দেওবাৰে পুৱাতেই জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত নিজৰ এখন ফটো আপল’ড কৰে। হাতত এখন গীটাৰ লৈ মঞ্চত গীত পৰিৱেশন কৰি থকা ফটোখনত জুবিন গাৰ্গে কেপশ্বন দিছে- Nooooo CAB .we wl destroy it ( কেব মানি নলও.. আমি এয়া ধ্বংস কৰিম)। জুবিন গাৰ্গৰ এই পোষ্ট মূহুৰ্তৰ ভিতৰতে লাইক, শ্বেয়াৰ, কমেণ্টেৰে উপচি পৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ এই পোষ্ট।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং