30 C
Guwahati
Wednesday, October 5, 2022
More

    মহালয়াৰ দিনাই তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩ গৰাকী মহিলা

    দুৰ্ঘটনাটোৰ পিছত গৌৰৱ দে’ নাম ইন'ভা চালকজনক উপস্থিত ৰাইজে উত্তম মাধ্যম সোধায়

    মহালয়াৰ পুৱাই তিনিচুকীয়া ৰঙাগড়া পথৰ পেৰাডাইজ চিনেমা হলৰ সমীপত ৮ গৰাকী পথচাৰীক মহতিয়ালে এখন দ্ৰুতবেগী ইন’ভা গাড়ীয়ে। আহত আটাইকেইগৰাকী লোকক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বৰগুৰিৰ নুমালী বৰুৱা নামৰ এগৰাকী মহিলা তিনিচুকীয়া অসামৰিক চিকিৎসালয়তে মৃত্যুক সাৱটে।

    ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিছত চিকিত্সকে ৰিতামনি গোঁহাই আৰু প্ৰিয়া গোঁহাই নামৰ আন দুগৰাকীক মহিলাক মৃত ঘোষণা কৰে।

    দুৰ্ঘটনাটোৰ পিছত গৌৰৱ দে’ নাম ইন’ভা চালকজনক উপস্থিত ৰাইজে উত্তম মাধ্যম সোধায়। আহত চালকজনকো সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS03 H 2223।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং