শ্বাহজহনপুৰৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰীক বলাত্কাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিন্ময়ানন্দই স্বীকাৰ কৰিলে নিজৰ অপৰাধ। তেওঁ ক’লে যে মই যথেষ্ট লাজ পাইছো।
উল্লেখ্য যে SIT-এ শুকুৰবাৰে পুৱা প্ৰায় ৮.৩০ বজাত শ্বাহজহনপুৰস্থিত আশ্ৰমত চিন্ময়ানন্দক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই স্থানতে তেওঁক মেডিকেল কৰোৱা হৈছিল আৰু তাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
SITৰ প্ৰধান নবীন অৰোৰাই ক’লে যে স্বামী চিন্ময়ানন্দই যৌন নিৰ্যাতন আৰু দেহ মালিচসহ তেওঁৰ বিৰুদ্ধে লগোৱা সকলো অভিযোগ স্বীকাৰ কৰিছে। প্ৰমাণৰ তদন্ত অব্যাহত।
Photo Credit: dnaindia.com