26 C
Guwahati
Thursday, September 29, 2022
More

    অন্ধবিশ্বাস! ৰোগমুক্ত হোৱাৰ বাবে পিতৃয়ে কন্যাক দলিয়ালে নৈত

    নৈৰ পানী যুৱলীত নিজ কন্যাক উমলি দি হঠাৎ পানীৰ বুকুলৈ দলিয়াই দি ঘৰলৈ উভতি যায় বীৰবল

    অন্ধবিশ্বাসৰ আন এক কাহিনী! অন্ধবিশ্বাসৰ বলি হৈ তামুলপুৰ মহকুমাৰ লাহাপাৰাত সংঘটিত হ’ল এক কৰুণ ঘটনা। বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাউৰবাহা আৰক্ষী চকীৰ অধীনষ্ঠ লাহাপাৰাত শুকুৰবাৰে সন্ধিয়া নিজৰ অসুস্থতাৰ পৰা মুক্তি পাবলৈ কবিৰাজৰ নিৰ্দেশত বীৰবল বড়ো নামৰ এজন লোকে আঢ়ৈ বছৰীয়া কন্যা সন্তানক দলিয়াই দিয়ে বৰলীয়া নৈত।

    তামুলপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি কাউৰবাহা আৰক্ষী চকীৰ লাহাপাৰা গাঁৱৰ লোকজনে কণমানিটিক মাতৃৰ কোলাৰ পৰা উঠাই নি ফুৰাবলৈ বুলি বৰলীয়া নদীৰ পাৰলৈ লৈ যায়। নৈৰ পানী যুৱলীত নিজ কন্যাক উমলি দি হঠাৎ পানীৰ বুকুলৈ দলিয়াই দি ঘৰলৈ উভতি যায় বীৰবল৷

    ঘৰত অকলে উপস্থিত হোৱাত পত্নীয়ে সন্তানৰ কথা সোধাত বৰলীয়া নদীত উটুৱাই দিয়া বুলি স্বীকাৰ কৰে৷ এই ঘটনাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। পৰিয়ালসহ স্থানীয় ৰাইজে বৰলীয়াৰ বুকুত কণমানিটিক সন্ধান ওলিয়াবলৈ চেষ্টা কৰে যদিও বিফল হয়।

    পৰিয়ালৰ লোকে অন্ধবিশ্বাসী বীৰবলক কাউৰবাহা আৰক্ষীৰ হাতত চমজাই দিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী বীৰবল বড়োক৷ শুকুৰবাৰে পুৱা তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দল তথা SDRFৰ জোৱান উপস্থিত হৈ বৰলীয়া নৈত অভিযান চলাই কণমানিটিৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে আৰক্ষীৰ জেৰাত বীৰবলে বিগত কেইবাছৰ ধৰি ভুগি থকা এক অচিন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কবিৰাজৰ নিৰ্দেশ মতেই নৈৰ বুকুত কন্যাক উটুৱাই দিয়া বুলি স্বীকাৰ কৰে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং