18 C
Guwahati
Thursday, December 2, 2021
More

    হাই মাদ্ৰাছা পৰীক্ষাত ৰিক্সা চালকৰ পুত্ৰই লাভ কৰিলে প্ৰথম স্থান

    বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ছাত্ৰ ইয়ামিন আলীয়ে প্ৰথম স্থান দখল কৰিলে হাই মাদ্ৰাছা পৰীক্ষাত। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতেই ঘোষিত হ'ল হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো

    বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ছাত্ৰ ইয়ামিন আলীয়ে প্ৰথম স্থান দখল কৰিলে হাই মাদ্ৰাছা পৰীক্ষাত।

    অতি দৰিদ্ৰ ঘৰৰ সন্তান ইয়ামিন আলীয়ে নিজৰ অধ্যাবসায়ৰ বলত এই কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়।

    উল্লেখ্য যে, পিতৃ কৰম আলী আৰু মাতৃ গনোৱাৰা খাতুনৰ প্ৰথম সন্তান ইয়ামিন আলী। পিতৃ কৰম আলীয়ে ৰিক্সাৰে শাক-পাচলি বিক্ৰী কৰি ৪টা সন্তানৰ সৈতে পৰিয়ালক পোহপাল দিয়ে।

    অতি দৰিদ্ৰ ঘৰৰ ল’ৰা হোৱা সত্ত্বেও ইয়ামিনে কেতিয়াও নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। এগৰাকী ভাল চিকিত্সক হোৱাৰ আশা ইয়ামিনৰ।

    কিন্তু ইয়ামিন আলীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেখা দিছে পৰিয়ালৰ আৰ্থিক দৈন্যতা।

    সেয়েহে পিতৃৰ লগতে ইয়ামিন আলীয়ে স্থানীয় বিধায়ক তথা চৰকাৰলৈ আহ্বান জনায় উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতি যেন সুদৃষ্টি নিক্ষেপ কৰে।

    ইয়ামিন আলীয়ে হাই মাদ্ৰাছা পৰীক্ষাত সৰ্বমুঠ ৫৫৮ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

    উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতেই ঘোষিত হ’ল অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো।

    ২০২০ বৰ্ষৰ হাই মাদ্ৰাছা পৰীক্ষাত ইয়ামিন আলী প্ৰথম স্থান দখল কৰাৰ লগতে দ্বিতীয় স্থান লাভ কৰিছে কামৰূপ গ্ৰাম্য জিলাৰ এছ এ বি হাই মাদ্ৰাছাৰ আপছানা য়াছমিনে।

    আপছানাই লাভ কৰিছে মুঠ ৫৫২ নম্বৰ। আৰু হাই মাদ্ৰাছাত তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল আলীয়ে।

    এইবাৰ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯৩৪৭গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় ৫৯৫১গৰাকী। উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ।

    হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি, মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকীয়ে প্ৰথম বিভাগ, ২৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

    হাই মাদ্ৰাছাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.২৫ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৬২ শতাংশ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং