33 C
Guwahati
Wednesday, September 28, 2022
More

    বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, দুৰ্গা পূজাত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা

    বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজিৰে পৰা ৫ দিন ধৰি অসম-মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

    দুৰ্গা পূজাৰ আনন্দত বিধি-পথালি দিব পাৰে বতৰে। বিগত ২-৩দিন ধৰি হৈ আছে বৰষুণ আৰু আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব পাৰে বৰষুণ। এই কথা জনালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

    বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজিৰে পৰা ৫ দিন ধৰি অসম-মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বৰষুণৰ পৰিমান ৩দিন পিছত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলিও জনাই বতৰ বিজ্ঞান কেন্দ্ৰই।

    সাগৰ পৃষ্ঠৰ ৩.১ কিলোমিটাৰ উচ্চতালৈ ঘূৰ্ণীবতাহৰ ফলত ১ অক্টোবৰলৈ চলিব বৰষুণৰ ধাৰা। ২ আৰু ৩ অক্টোবৰত বৰষুণ কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যদিও পুনৰ ৪ অক্টোবৰৰ পৰা হ’ব পাৰে ধাৰাসাৰ বৰষুণ।

    Photo Credit: guwahatiplus.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং