25 C
Guwahati
Thursday, October 21, 2021
More

    VIDEO: পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ বিফল; IED ভৰ্তি বাহন উদ্ধাৰ কৰি বিস্ফোৰণ কৰালে সেনাই

    জম্মু-কাশ্মীৰ আৰক্ষী, CRPFসহ অন্য নিৰাপত্তাৰক্ষীয়ে এই অভিযান চলাইছিল

    জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই পুলৱামাৰ দৰে বৃহৎ আত্মঘাতী আক্ৰমণৰ আন এক ষড়যন্ত্ৰ বিফল কৰিলে। পুলৱামাৰ আয়ন গুণ্ড এলেকাৰ পৰা IED ভৰ্তি এখন ছেণ্ট্ৰ’ বাহন উদ্ধাৰ কৰে সেনাই। পিছত বোমা নিষ্ক্ৰিয় কৰা লোকে সুৰক্ষিতভাৱে IED খিনি নষ্ট কৰি দিয়ে। IGP কাশ্মীৰ ৰেঞ্জ বিজয় কুমাৰে ইয়াৰ বিষয়ে নিশ্চিত কৰি কয় যে তেওঁক বিশেষ সূত্ৰই এই বাহনখনৰ বিষয়ে খবৰ দিয়ে। লগতে এই কথাও প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদীৰ দ্বাৰা IED লগাই প্ৰস্তুত কৰা এই বাহনখন সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ল হয়।

    IEDভৰ্তি বাহন বিস্ফোৰণৰ VIDEO

    বৰ্তমান এই ঘটনাৰ তদন্ত কৰিব NIAয়ে, শীঘ্ৰে NIAৰ এটা দল এই অঞ্চলটোত অভিযান চলাব। যিখন বাহনত IED উদ্ধাৰ হয় সেইখনত দুচকীয়া বাহনৰ নম্বৰ প্লেট লগোৱা হৈছিল। জম্মু-কাশ্মীৰ আৰক্ষী, CRPFসহ অন্য নিৰাপত্তাৰক্ষীয়ে এই অভিযান চলাইছিল।

    পুলৱামাৰ ৰজপুৰাৰ গাঁৱৰ এটা অঞ্চলৰ কাষত বাহনখন ৰখোৱা হৈছিল, পিছত বোমা নিষ্পত্তি কৰা স্কোৱাডক মাতি অনা হৈছিল। বাহনখনত বহু পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়। এই সময়খিনিৰ মাজতে বাহনখনৰ সমীপত থকা এলেকা আৰু ঘৰসমূহ খালী কৰি দিয়া হৈছিল।

    যেতিয়া IED নিষ্ক্ৰিয় কৰা হৈছিল তেতিয়া সামান্য বিস্ফোৰণ হৈছিল। বিস্ফোৰণত বাহনখন ভস্মীভূত হয় কিন্তু কোনো হতাহত হোৱা নাই।

    Photo credit: www.jagran.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং