30 C
Guwahati
Wednesday, October 27, 2021
More

    ছুইচাইড নোট লিখি আত্মহত্যা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    ইফালে লখিমপুৰত বৈদ্যুতিক তাঁৰতো ওলমিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

    ৰাজ্যত চৌদিশে জ্বলিছে এতিয়া প্ৰতিবাদৰ জুই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ-আন্দোলন। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ দাবীৰে সোমবাৰে অসম বন্ধৰ আহ্বান জনাইছে অসমৰ বিভিন্ন দল–সংগঠনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

    ইফালে অসম বন্ধৰ প্ৰভাৱৰ মাজতেে লখিমপুৰত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ আন এক নতুন পন্থা অৱলম্বন কৰিছে। লখিমপুৰ ছাত্ৰ সন্থাই চীপ লগাই গছত ওলমালে সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা। গছত প্ৰতিকৃতি ওলমাই লিখিলে ছুইচাইড নোট- ‘মই সৰ্বানন্দ সোনোৱাল। মই জাতিদ্ৰোহী, মাতৃঘাতী। জাতি, মাটিক বিক্ৰী কৰি দালাল নাম পোৱাৰ কাৰণে আত্মহত্যা কৰিলো।’

    Photo: Time8

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ আন্দোলনৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। বিশেষকৈ একালৰ আছু নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সপক্ষে অৱস্থান কৰা কাৰ্যক ধিক্কাৰ দি ছাত্ৰ সন্থাই ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে।

    Photo: Time8

    উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰৰ বিভিন্ন প্ৰান্তত চিপজৰী লগাই গছত ওলমালে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি। লখিমপুৰ নগৰৰ চিডি ৰোডৰ গছত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি ওলোমোৱাৰ লগতে বৈদ্যুতিক তাঁৰতো প্ৰতিকৃতি ওলমাই জাতি বিক্ৰী কৰা মুখ্যমন্ত্ৰী সোণোৱালে আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে।

    উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিত গগৈ আৰু সম্পাদক পুনম বুঢ়াগোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, অবৈধ বিদেশীক অসমত ৰক্ষণাবেক্ষণ দিম বুলি সোণোৱাল মুখ্যমন্ত্ৰী হোৱা নাছিল। এতিয়া সৰ্বানন্দ সোণোৱালে গাদী ৰক্ষাৰ স্বাৰ্থত জাতি, মাটি, ভাষা, সংস্কৃতি সকলো জলাঞ্জলি দিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে আছুৰ নেতৃত্বই।

    ইফালে লখিমপুৰত বৈদ্যুতিক তাঁৰতো ওলমিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং