সমগ্ৰ বিশ্বকে জোকাৰি গৈছে কৰণা ভাইৰাছৰ আতংকই। ২২ মাৰ্চ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰতি দেশবাসীয়ে সমৰ্থন জনালেও কোনো কোনো লোক এতিয়াও যেন এতিয়াও সচেতন হোৱা নাই এই মাৰাত্মক ভাইৰাছবিধক লৈ। দেশৰ কিছু সংখ্যক ৰাজ্যই জনোৱা লক ডাউনৰ প্ৰতিও নাই সমাজৰ একাংশৰ সহযোগিতা।
এই কথাকে লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কৰিছে টুইট। তেওঁ টুইটত লিখিছে- লক ডাউনক এতিয়াও কিছুমানে গুৰুত্বসহকাৰে লোৱা নাই। অনুগ্ৰহ কৰি নিজেই নিজকে বচাওক আৰু পৰিয়ালক বচাওক। নিৰ্দেশসমূহক গুৰুত্বসহকাৰে পালন কৰক। সকলোকে নিয়ম আৰু কানুন পালন কৰাবলৈ ৰাজ্য চৰকাৰসমূহক মই অনুৰোধ জনাইছো।
Photo Credit: weather.com