25 C
Guwahati
Thursday, October 21, 2021
More

    ১ ডিচেম্বৰৰ পৰা ব্যয়বহুল হ’ব ফোন কল, বৃদ্ধি হ’ব Voda-Idea আৰু Airtelৰ দৰ

    ইফালে দূৰসংযোগ বিভাগৰ আন এটা দিগ্গজ কোম্পানী এয়াৰটেলে নিজৰ ব্যৱসায়ক ব্যৱহাৰিক ৰূপ দিবলৈ ডিচেম্বৰৰ পৰা মোবাইল সেৱাসমূহৰ দৰ বৃদ্ধি কৰিব

    বিত্তীয় সংকটৰ পৰিপ্ৰেক্ষিতত দূৰসংযোগ বিভাগ বোডাফোন, আইডিয়া আৰু এয়াৰটেলে ১ ডিচেম্বৰৰ পৰা মোবাইল সেৱাৰ দৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে এই ঘোষণা কৰে কোম্পানীকেইটাই। Voda-Ideaৰ কৰ্তৃপক্ষই ক’লে যে গ্ৰাহকক বিশ্বমানৰ ডিজিটেল অনুভৱ সুনিশ্চিত কৰিবলৈ কোম্পানীয়ে ২০১৯ৰ ১ ডিচেম্বৰৰ পৰা Tariffৰ দৰ বৃদ্ধি কৰিব।

    কিন্তু বৰ্তমানলৈ কোম্পানীয়ে বৃদ্ধি হোৱা দৰৰ বিষয়ে কোনোধৰণৰ তথ্য প্ৰদান কৰা নাই। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় কোৱাৰ্টাৰত Voda-Ideaৰ ৫০,৯২২ কোটি টকাৰ ক্ষতি হৈছিল। ভাৰতীয় কোম্পানীসমূহৰ ভিতৰত এই দুটা কোম্পানীৰে আটাইতকৈ অধিক লোকচানৰ সন্মুখীন হৈছিল।

    ইফালে দূৰসংযোগ বিভাগৰ আন এটা দিগ্গজ কোম্পানী এয়াৰটেলে নিজৰ ব্যৱসায়ক ব্যৱহাৰিক ৰূপ দিবলৈ ডিচেম্বৰৰ পৰা মোবাইল সেৱাসমূহৰ দৰ বৃদ্ধি কৰিব। এয়াৰটেলে ক’লে যে দূৰসংযোগ বিভাগত দ্ৰুতগতিত সলনি হোৱা প্রযুক্তিবিদ্যাৰ বাবে যথেষ্ট পুঁজিৰ প্ৰয়োজন হয়। ইয়াৰ বাবে বিনিয়োগৰ প্ৰয়োজন হয়।

    এই কাৰণতে এয়া বহুত আৱশ্যক যে ডিজিটেল ইণ্ডিয়াৰ চিন্তা-ভাৱনা সমৰ্থন কৰিবলৈ উদ্যোগক ব্যৱহাৰিক কৰাটো প্ৰয়োজন আৰু এই উদ্দ্যেশ্যৰে এয়াৰটেলে ডিচেম্বৰ মাহত উচিত দৰ বৃদ্ধি কৰিব। চলিত বিত্তীয় বৰ্ষত এয়াৰটেলৰ ২৩,০৪৫ কোটি টকাৰ ক্ষতি হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং