25 C
Guwahati
Thursday, October 21, 2021
More

    সুৰাৰ লগতে তেলো ব্যয়বহুল হ’ল দিল্লীত, পেট্ৰ’লত ১ আৰু ডিজেলত ৭ টকাৰ ভেট বৃদ্ধি

    দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.২৬ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৯.২৯ টকা

    কৰ’ণা ভাইৰাছৰ বাবে অৰ্থনৈতিক দিশত পৰা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত ভেট বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মঙলবাৰৰ পৰা দিল্লীত পেট্ৰ’লত ১.৬৭ টকা আৰু ডিজেলত ৭.১০ টকাকৈ বৃদ্ধি হ’ল।

    মঙলবাৰে ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত ভেট বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পেট্ৰ’লত ভেট বৃদ্ধি কৰি ২৭ শতাংশৰ পৰা ৩০ শতাংশ কৰি দিয়ে, আনহাতে ডিজেলত ১৬.৭৭ শতাংশৰ পৰা ৩০ শতাংশ কৰি দিয়ে।

    এই সিদ্ধান্তৰ পিছত দিল্লীৰ বিত্ত মন্ত্ৰী মনীষ ছিছোদিয়াই টুইটাৰত লিখিলে যে বেয়া সময়ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়, বিত্ত মন্ত্ৰী হৈ থকা সময়ছোৱাত মই এইটোৱেই শিকিছো।

    দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭১.২৬ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৯.২৯ টকা। উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ সংকটৰ বাবে বিগত প্ৰায় ৪০ দিনৰ পৰা অব্যাহত আছে লকডাউন, যাৰ বাবে চৰকাৰ যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

    দিল্লী চৰকাৰে সোমবাৰে সন্ধিয়া সুৰাত ৭০ শতাঁশ কোবিড ছেছ ধাৰ্য কৰিছে। যাৰ বাবে সুৰাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।

    Photo credit: newsnation.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং