28 C
Guwahati
Tuesday, October 4, 2022
More

    VIDEO: পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনা, লাহোৰৰ পৰা কৰাচী অভিমুখী বিমান দুৰ্ঘটনাগ্ৰস্ত

    কৰাচীত অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ৯৯জন যাত্ৰী আছিল

    পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। লাহোৰৰ পৰা কৰাচী গৈ থকা পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্স(PIA)ৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। পাকিস্তানী মিডিয়াই জনোৱা অনুসৰি কৰাচী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। কৰাচীত অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ৯৯জন যাত্ৰী আছিল।

    চাওক VIDEO

    PIAৰ মুখপাত্ৰ আব্দুল ছট্টাৰে দুৰ্ঘটনাটোৰ নিশ্চয়তা প্ৰদান কৰে। A-320 নম্বৰৰ বিমানখনে ৯৯ গৰাকী যাত্ৰীক লৈ গৈ আছিল। বিমানখন লাহোৰৰ পৰা কৰাচী অভিমুখী আছিল আৰু মালিৰত মডেল কলনীৰ সমীপত জিন্না গাৰ্ডেন এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাটোৰ ভিডিঅ’ প্ৰকাশ পাইছে। ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে ধোৱাময় হৈ পৰিছে আকাশ। এম্বুলেঞ্চ আৰু বিষয়া ঘটনাস্থলীত উপস্থিত হয়। পাকিস্তানী মিডিয়াই জনোৱা মতে বিমানখন অৱতৰণ কৰাৰ ১ মিনিট পূৰ্বে সম্পৰ্ক বিচ্ছিন্ন হয়।

    বিমানখনত আছিল ৯৯ গৰাকী যাত্ৰী। ইয়াৰে ৮৫ গৰাকী ইকনমী আৰু ৬ গৰাকী বিজনেছ ক্লাছত যাত্ৰা কৰি আছিল। দুৰ্ঘটনাস্থলীত পাকিস্তানী সেনা কুইক ৰিয়েকছন ফৰ্চ আৰু পাকিস্তান ৰেঞ্জাৰ্ছৰ জোৱান উপস্থিত হয়। উদ্ধাৰ অভিযান অব্যাহত।

    Photo credit: Murtaza Ali Shah(Twitter)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং