লকডাউনৰ মাজতে আলফা(স্বাধীন)ৰ সন্দেহজনক দুৰ্ধৰ্ষ কেডাৰ গ্ৰেপ্তাৰ। ডিব্ৰুগড়ৰ জয়পুৰ থানাৰ অন্তৰ্গত নগাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে কেডাৰজনক। ধৃত কেডাৰজনৰ নাম অৰূপ হাজৰিকা। সেনা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত মাজনিশা গ্ৰেপ্তাৰ কৰে হাজৰিকাক।

কেডাৰজনৰ পৰা এটা দুঁজাই গুলীসহ 0.22 পিষ্টল আৰু মেগজিন জব্দ কৰে আৰক্ষীয়ে। কেডাৰজনে উজনিত বিভিন্ন কূটাঘাতৰ পৰিকল্পনা কৰিছিল। নগাঘাটৰ নিৱাসী অৰূপ হাজৰিকাক নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে সেনা আৰু অসম আৰক্ষীয়ে।
আলফা(স্বাধীন)ত যোগদানৰ বাবে যুৱকসকলক উত্সাহিত কৰাৰ কথা স্বীকাৰ কৰে কেডাৰজনে। অভিজিত গগৈৰ অধীনত কাম কৰি আছিল অৰূপ হাজৰিকাই। গগৈৰ নিৰ্দেশতে ২০১৯ৰ ২৭ নৱেম্বৰত জয়পুৰ আৰু নাহৰকটীয়াত আলফা(স্বাধীন)ৰ পতাকা উৰুৱাইছিল।
Photo: Time8