পৰিৱৰ্তন হোৱা নাই পাকিস্তানৰ কৰ্ম-কাণ্ড। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত কৃষ্ণাঘাটী ছেক্টৰত পাকিস্তানে পুনৰ উলংঘন কৰিলে যুদ্ধবিৰতিৰ। জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে পাক সেনাৰ ৪ জোৱানে LoC অতিক্ৰম কৰি ভাৰতীয় ছাউনীত অতৰ্কিতে গুলী চলায়। গুলীয়াগুলীত ছহিদ হয় ভাৰতীয় জোৱান ৰাহুল ভেৰু চুলগেকৰ।

সূত্ৰ অনুসৰি পাকিস্তানৰ সেনাই সন্ত্ৰাসবাদীৰ অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাইছিল। অনুপ্ৰৱেশকাৰীক পাক সেনাই বেদখল কৰাবলৈ সক্ষম নহ’ল তেতিয়াই গুলীবৰ্ষণ কৰে।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত যুদ্ধবিৰতিৰ উলংঘন কৰিছিল পাকিস্তানে। পাকিস্তানৰ গুলীচালনাত ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়ে। পাকিস্তানৰ গুলীচালনাত আহত জোৱানজনক চিকিত্সাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিত্সকে মৃত ঘোষণা কৰে।
ইয়াৰ পূৰ্বে ৪ নৱেম্বৰত কাশ্মীৰ ঘাটীৰ লাল চকৰ সমীপত গ্ৰেণেডেৰে আক্ৰমণ কৰিছিল। আক্ৰমণত এজন নিৰীহ লোক নিহত হোৱাৰ লগতে বহু কেইজন লোক আহত হৈছিল।