25 C
Guwahati
Wednesday, October 20, 2021
More

    কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহত ডিব্ৰুগড় অসম চিকিত্সা মহাবিদ্যালয়ৰ বিশেষ আছুতীয়া কক্ষত এজনক ভৰ্তি

    বিশ্বৰ কেইবাখনো দেশত কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত এই মৃত্যুদূতৰূপী ভাইৰাছক লৈ আতংক অসমলৈও বিয়পাৰ আশংকা কৰাৰ সময়তে আজি চিকিৎসা মহাবিদ্যালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয় এজন লোকক

    বিশ্বৰ কেইবাখনো দেশত আতংক সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সন্দেহত আজি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ আছুতীয়া কক্ষত এজনক ভৰ্তি কৰোৱা হয়। মালয়েছিয়াত কৰ্মৰত লোকজন ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ আহিছিল। বিশ্বৰ কেইবাখনো দেশত কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত এই মৃত্যুদূতৰূপী ভাইৰাছক লৈ আতংক অসমলৈও বিয়পাৰ আশংকা কৰাৰ সময়তে আজি চিকিৎসা মহাবিদ্যালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয় এজন লোকক।

    অৱশ্যে চিকিৎসকে তেওঁক ১৪ দিনৰ বাবে নিৰিক্ষণত ৰখাৰ লগতে অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰি থকা বুলি জনাইছে। মালয়েছিয়াত কৰ্মৰত লোক জন অহাৰ পিছতে কৰ’ণা ভাইৰাছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল লোকজন। ইয়াৰ পিছতে চিকিৎসকৰ সৈতে যোগাযোগ কৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় লোকজনক।

    চীনত সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য জৰুৰী হিচাপে ঘোষণা কৰাৰ সময়তে ভাৰততো কৰ’ণা ভাইৰাছক লৈ আতংকৰ সৃষ্টি কৰিছিল। দেশৰ বিভিন্ন বিমানকোঠ আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড়টো মোহনবাৰী বিমানবন্দৰত দৈনিক যাত্ৰীসকলক পৰীক্ষা কৰোৱা হয়। অসম চিকিৎসা মহাবিদ্যালয়ত ১০ খন বিছনাযুক্ত এটা বিশেষ আছুতীয়া কক্ষ প্ৰস্তুত কৰা লগতে আজি এজনক সন্দেহজনক অৱস্থাত ভৰ্তি কৰা পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং