26 C
Guwahati
Thursday, June 30, 2022
More

    নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণকাণ্ডঃ শীঘ্ৰে দোষীক ফাঁচী দিয়াৰ সম্ভাৱনা

    তিহাৰ জেলৰ বিষয়াই জনোৱা অনুসৰি নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণকাণ্ড সন্দৰ্ভত ৪ দোষীৰ বিৰুদ্ধে শীঘ্ৰেই মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হ'ব

    ২০১২ত দেশৰ ৰাজধানী দিল্লীত সংঘটিত নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশক। ধৰ্ষণকাণ্ডৰ লগত জড়িত ৪ দোষী বৰ্তমান বন্দী হৈ আছে তিহাৰ জেলত। তিহাৰ জেলৰ বিষয়াই জনোৱা অনুসৰি নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণকাণ্ড সন্দৰ্ভত ৪ দোষীৰ বিৰুদ্ধে শীঘ্ৰেই মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হ’ব।

    ৪ দোষীয়ে ক্ষমাভিক্ষাৰ বাবে ৰাষ্ট্ৰপতিলৈ আৱেদন জনাব পাৰিব কিন্তু তিহাৰ জেল প্ৰশাসনে বান্ধি দিছে ৭ দিনৰ সময়সীমা। এই আৱেদনৰ সমসসীমা উকলিব ৪ নৱেম্বৰত। দোষীয়ে এই সন্দৰ্ভত কোনোধৰণৰ আৱেদন পত্ৰ দাখিল নকৰে তেন্তে জেল প্ৰশাসনে আটাইকেইজনৰ বিৰুদ্ধে ফাঁচীৰ বাবে ব্লেক ৱাৰেণ্ট উলিয়াব।

    উল্লেখ্য যে নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণকাণ্ডৰ মুঠ অভিযুক্ত আছিল ৬জন। ইয়াৰে এজন অভিযুক্তই তিহাৰ জেলত ফাঁচী লৈ আত্মহত্যা কৰিছিল। আনহাতে আনজন নাবালক হোৱাৰ বাবে ৩ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আন ৪জন আভিযুক্ত বৰ্তমানেও তিহাৰ জেলতে বন্দীত্বৰ জীৱন জীয়াই আছে। ৪ অভিযুক্তৰ ভিতৰত অক্ষয় আৰু মুকেশ জেল নম্বৰ ২ আনহাতে নিনয় কুমাৰ জেল নম্বৰ ৪ত আৰু আনজন পৱন মণ্ডলী জেলৰ হাই ছিকিউৰিটী বাৰ্ডত বন্দী হৈ আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং