26 C
Guwahati
Tuesday, October 4, 2022
More

    ‘মোক ৰক্ষা কৰক’, টুইটাৰত স্মৃতি ইৰাণীক টেগ কৰি মাজনিশা সহায় ভিক্ষা এগৰাকী যুৱতীৰ

    টুইটাৰত নিশা প্ৰায় ৮.৩০ বজাত অংকিতা শুক্লাই এটা এটা টুইট কৰিলে । এই টুইটটোত তেওঁ লিখিলে যে, তেওঁক সহায়ৰ প্ৰয়োজন

    মাজনিশা ছচিয়েল মিডিয়াত হঠাৎ এটা নাম ট্ৰেণ্ড হৈ পৰিলে। এই নামটো কোনো চেলিৱ্ৰিটী অথবা কোনো ৰাজনৈতিক নেতাৰ নাছিল। এই নামটো আছিল ‘অংকিতা শুক্লা’ৰ।

    টুইটাৰত নিশা প্ৰায় ৮.৩০ বজাত অংকিতা শুক্লাই এটা এটা টুইট কৰিলে । এই টুইটটোত তেওঁ লিখিলে যে, তেওঁক সহায়ৰ প্ৰয়োজন।

    কেইটামান ঘণ্টাৰ পিছতে এই টুইটটো হাজাৰ লোকে শ্বেয়াৰ কৰিলে। এই সন্দৰ্ভত মহিলা আয়োগে উত্তৰো দিলে আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মহিলা আয়োগৰ টুইটো ৰিটুইটো কৰিলে।

    অংকিতাই টুইটত লিখিলে ‘কৃপা কৰি মোক ৰক্ষা কৰক। মোৰ জীৱনটো শেষ হোৱাৰ উপক্ৰম হৈছে। মই প্ৰতিমিনিটতে শাৰিৰিক, মানসিক শোষণৰ বলি হৈছো।’

    অংকিতাই কৰা টুইটৰ সৈতে এজন লোকৰ ফেচবুক প্ৰফাইল আৰু যামছেদপুৰৰ চাইবাৰ ক্ৰাইম থানাত এই সম্বন্ধত দাখিল কৰা গোচৰখনো টুইট কৰিলে। এই গোচৰ ৰুজু হৈছিল ১৬ ছেপ্টেম্বৰত।

    অংকিতা টুইটটোত কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণী, ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু দিল্লী মহিলা আয়োগকো টেগ কৰিলে। এই টুইটটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অফিচিয়েল টুইটাৰৰ পৰা উত্তৰটো দিলে।

    ৰাষ্ট্ৰীয় মহিলা আয়োগে অংকিতাৰ টুইটটো ৰিটুইট কৰি ক’লে যে অংকিতাৰ সৈতে এই সন্দৰ্ভত কথা হৈছে। তেওঁৰ ৰাজ্যৰ DGPৰ সৈতে আলোচনা কৰা হৈছে এই ঘটনা সন্দৰ্ভত।

    ঘটনাটো কি?

    অংকিতা শুক্লাই টুইটাৰত নিজৰ পৰিচয়ত চাইবাৰ ক্ৰাইম ভিক্টিম, ছিকিং হেল্প লাইন অল ছচিয়েল মিডিয়া প্লেটফৰ্ম বুলি লিখিছে।

    ছেপ্টেম্বৰ মাহতে তেওঁ এই একাউণ্টটো খুলিছিল। একাউণ্টটোৰ পৰা ৮.২৫ বজাত প্ৰথমটো টুইট কৰিছিল। টুইটত তেওঁ কেইজনমান যুৱকৰ নাম লিখি যুৱককেইজনৰ বিৰুদ্ধে ধৰ্ষণৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে কেইবাটাও টুইট কৰা হৈছিল একাউণ্টটোৰ পৰা। টুইটটোৰ লগতে কেইবাটাও স্ক্ৰীণশ্বটো পোষ্ট কৰিছিল। অংকিতাৰ দাবী যে তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা হৈছে আৰু তেওঁক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁৰ ফটো ব্যৱহাৰ কৰি তেওঁক ভাবুকি প্ৰদান কৰা হৈছে।

    Photo credit: twitter.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং