21 C
Guwahati
Sunday, October 24, 2021
More

    গুৱাহাটীত ৰাণু মণ্ডলৰ ‘হামচকল’! ছচিয়েল মিডিয়াত খলকনি তোলা কোন এই মহিলা ?

    ৰাণু মণ্ডলৰ দৰে দেখাত মিল থকা মহিলাগৰাকীয়ে হিমেশ ৰেশমিয়া আৰু ৰাণু মণ্ডলে গোৱা ‘হেপ্পী হাৰ্ডি আৰু হীৰ’ৰ অতি জনপ্ৰিয় গীত ‘তেৰী মেৰী কাহিনী’ গাই থকা এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোৰ স্থান গুৱাহাটীৰ মালিগাঁও

    বৰ্তমান সময়ত ৰাণু মণ্ডলৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ ৰাণু মণ্ডলক ক’ব পাৰি বৰ্তমান সময়ৰ ইণ্টাৰনেট চাঞ্চল্য বুলি৷ এইবাৰ ৰাণু মণ্ডলৰ অবিকল এগৰাকী মহিলা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

    ৰাণু মণ্ডলৰ দৰে দেখাত মিল থকা মহিলাগৰাকীয়ে হিমেশ ৰেশমিয়া আৰু ৰাণু মণ্ডলে গোৱা ‘হেপ্পী হাৰ্ডি আৰু হীৰ’ৰ অতি জনপ্ৰিয় গীত ‘তেৰী মেৰী কাহিনী’ গাই থকা এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোৰ স্থান গুৱাহাটীৰ মালিগাঁও৷

    দীপাংকৰ বৈশ্য নামৰ এগৰাকী ইউজাৰ্ছে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে- #RanuMondal 2.0 in (Maligaon)Guwahati. #Special Thanks to my friend Tanmoy Dey for shooting and Sharing this vdo.
    Vdo Rights :- Tanmoy dey

    এতিয়া এই ৰাণু মণ্ডলৰ দৰে দেখাত মহিলাগৰাকীৰ ভিডিঅ’টোক লৈ চৰ্চা আৰম্ভ হৈছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং