29 C
Guwahati
Monday, October 25, 2021
More

    দুসপ্তাহলৈ লকডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন বৃদ্ধি হোৱাৰ ইংগিত প্ৰদান কৰে

    গামোচাক মাস্ক হিচাপে ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল

    লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা বৈঠক সমাপ্ত। প্ৰায় প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে লকডাউন বৃদ্ধি কৰাক লৈ প্ৰস্তাৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন বৃদ্ধি হোৱাৰ ইংগিত দিয়ে। লগতে ক’লে যে প্ৰয়োজন হ’লে লকডাউন আৰু বৃদ্ধি কৰিব লাগিবও পাৰে।

    আজি নিশা দেশবাসীক পুনৰ সম্বোধন কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লকডাউন বৃদ্ধি কৰাক লৈ ঘোষণা কৰাৰ সম্ভাৱনা। দুসপ্তাহলৈ বৃদ্ধি হ’ব পাৰে লকডাউন। ভাৰতত কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ২১ দিনীয়া লকডাউন অব্যাহত। বৃদ্ধি হ’ব পাৰে লকডাউনৰ সময়সীমা।

    দৰাচলতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত প্ৰায়ভাগ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লকডউন বৃদ্ধি কৰাক লৈ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে লকডাউন আৰু দুসপ্তাহলৈ বৃদ্ধি কৰাৰ সংকেট প্ৰদান কৰে। গামোচাক মাস্ক হিচাপে ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল।

    কৰ’ণা প্ৰভাৱৰ বাবে ২৪ মাৰ্চত সমগ্ৰ দেশত ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল। ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ অন্তিম দিন আছিল ১৪ এপ্ৰিল। ২১ দিনীয়া লকডাউনৰ মাজতো হ্ৰাস পোৱা নাই কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আৰু ইয়াৰ বাবে ৩০ এপ্ৰিললৈ বৃদ্ধি হ’ব পাৰে লকডাউন।

    প্ৰধানমন্ত্ৰীয়ে লক ডাউন বৃদ্ধিৰ সঠিক সিদ্ধান্ত লৈছে। আজি উন্নত দেশতকৈ ভাৰতৰ স্থান ভাল। কিয়নো আমি সোনকালে লক ডাউন আৰম্ভ কৰিলো। ইয়াক এতিয়াই ৰোধ কৰিব নোৱাৰিলে পৰিস্থিতি বেয়ালৈ যাব। লক ডাউন বৃদ্ধি কৰাটো সময়ৰ প্ৰয়োজনীয়তা। টুইটাৰযোগে এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

    Photo credit: businesstoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং