27 C
Guwahati
Friday, March 31, 2023
More

    অবৈধ খননত বাধা কৰাত বালি মাফিয়া বাহিনীয়ে খান্দিলে ৰাইজৰ পথ, এই ঘটনা শিৱসাগৰৰ

    নথি-পত্ৰ বিহীনভাৱে বালি খান্দিবলৈ জেচিবি-ডাম্পাৰলৈ গাঁওখনলৈ গৈছিল বিজেপিৰ পালিনেতাৰ নেতৃত্বত বালি মাফিয়াৰ দলটো

    শিৱসাগৰৰ বেতবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অবৈধ খনন কৰাত বাধা দিয়াৰ বাবেই বালি মাফিয়া বাহিনীয়ে খান্দিলে ৰাইজৰ পথ। দিচাং, দিখৌ আৰু দৰিকাত অব্যাহত অবৈধ বালি আৰু মাটি খনন। বেতবাৰীৰ চেতিয়া কৈৱৰ্ত গাঁৱত বালি মাফিয়াৰ সৈতে সংঘাত গাঁওবাসীৰ।

    নথি-পত্ৰ বিহীনভাৱে বালি খান্দিবলৈ জেচিবি-ডাম্পাৰলৈ গাঁওখনলৈ গৈছিল বিজেপিৰ পালিনেতাৰ নেতৃত্বত বালি মাফিয়াৰ দলটো। RSS নেতা আৰু বিজেপিৰ সাংসদ তপন গগৈৰ নাম লৈ সমীৰণ বৰদলৈ নামৰ এজন যুৱকৰ নেতৃত্বত মাফিয়া বাহিনীয়ে এইদৰে নৈপৰীয়া জনসাধাৰণক হাৰাশাস্তি কৰাৰ অভিযোগ ৰাইজৰ। গাঁওবাসীয়ে নথি-পত্ৰ প্ৰদৰ্শন নকৰাকৈ দিচাং নৈত বালি খনন কৰিবলৈ নিদিয়াক কেন্দ্ৰ কৰি দলটোৰ লগত ৰাইজৰ সংঘাত।

    Video: অবৈধ খনন

    বালি মাফিয়াৰ দলটোৱে গাঁওবাসীক ভাবুকি দিয়াক লৈ উত্তপ্ত হৈ পৰে পৰিৱেশ। বালিমাফিয়াক বালি খান্দিবলৈ নিদিয়াৰ বাবেই নৈপৰীয়া গাঁওবাসী অহা-যোৱা কৰা পথটো জেচিবিৰে খান্দি পেলাই মাফিয়াৰ দলটোৱে। ফলতে উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত। দলে-বলে ৰাইজ আৰু অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সদস্য ঘটনাস্থলীত উপস্থিত হোৱাত জেচিবিসহ পলায়ন কৰে দলটোৱে।

    বিজেপি দলৰ সাংসদ-মন্ত্ৰীৰে ঘনিষ্ঠ হোৱাৰ সুবাদতে ৰাইজক হাৰাশাস্তি কৰাৰ লগতে এইদৰে মাফিয়াৰ দলটোৱে অবৈধ খনন কৰা বুলি অভিযোগ ৰাইজৰ। শিৱসাগৰ বন বিভাগৰ বিৰুদ্ধেও মাফিয়াৰে মিতিৰালি কৰাৰ অভিযোগ ৰাইজৰ।

    সমীৰণ বৰদলৈ

    উল্লেখ্য যে শিৱসাগৰ বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত মিতিৰালি কৰি একাংশ বালি মাফিয়া, মাটি মাফিয়াই জিলাখনৰ দিখৌ, দিচাং আৰু দৰিকাৰ বুকুত অবৈধভাৱে খনন চলাই লুণ্ঠন চলাই আহিছে৷ কোটি কোটি টকা ৰাজহ ফাঁকি দি এইদৰে নদীৰ বুকু উদং কৰি নৈপৰীয়া জনসাধাৰণৰ জীৱন সম্পত্তিলৈ ভাবুকি নমাই আনিছে যদিও অবৈধ খননৰ লগত শাসকীয় দলৰ একাংশ নেতা-পালিনেতা জড়িত থকাৰ বাবেই বন বিভাগে নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং