27 C
Guwahati
Wednesday, October 13, 2021
More

    ৰাজপথত শুই কেবৰ বিৰুদ্ধে প্ৰতিবাদ ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰৰ

    গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্বৱিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ কেবৰ বিৰুদ্ধে ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ সমাজ

    চৰকাৰৰ স্থিতি দেখি কেবৰ বিৰুদ্ধে নামি পৰিছে ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ কেবৰ বিৰুদ্ধে ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ সমাজ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

    বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ জনস্বাৰ্থ নীতিৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। লগতে প্লেকাৰ্ড আৰু পোষ্টাৰ সমূহ বিশ্ববিদ্যালয় প্ৰাংগনত আৰি দি কেব বাতিল নকৰা পৰ্যন্ত অসমবিৰোধী বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ  বিৰুদ্ধে ছাত্ৰ সমাজৰ সংগ্ৰাম অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।

    Photo: Time8
    Photo: Time8

    বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, সোণোৱাল চৰকাৰ হায়, হিমন্ত বিশ্ব হায় হায়, বদন ৰূপী অগপ হায় ধবনিৰে পাঠশালাৰ আকাশ বতাহ কপাই তোলে ছাত্ৰ-ছাত্ৰী সকলে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী আৰু সৰ্ৱানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে আৰু কেব সমৰ্থনকাৰী মন্ত্ৰী বিধায়কক বিশ্ববিদ্যালয় চৌহদত প্ৰবেশ নিষিদ্ধ কৰে।

    Input: Mrinmoy Pathak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং