নাগৰিকত্ব সংশোধনী আইন আৰু NPRৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলে ২৯ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে। আজি টুইটাৰত #कलभारतबंदरहेगा হেছটেগ টপ ট্ৰেণ্ডত। এই ভাৰত বন্ধত বহুজন ক্ৰান্তি মৰ্চাৰ সৰ্মথন আটাইতকৈ অধিক। এই বন্ধ সফল কৰিবলৈ আজি দেশজুৰি কেইবাটাও অনুষ্ঠান আয়োজন কৰিছে।

এই বন্ধক সমৰ্থন জনাইছে কেইবাটাও সংগঠন আৰু ব্যৱসায়ীয়ে। মুছলমান সমাজেও এই বন্ধত পূৰ্ণ সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে। ইফালে, শ্বাহিন বাগৰ প্ৰতিবাদকাৰীসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ২৯ জানুৱাৰীত পথ অৱৰোধ কৰা হ’ব।