25 C
Guwahati
Thursday, October 21, 2021
More

    বিশ্ব এইড্‌ছ দিৱস; প্ৰতি সপ্তাহে আক্ৰান্ত ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ৬০০ মহিলা

    এই এইডছ ৰোগৰ বাবেই ২০১৮ চনত ৭,৭০,০০০ লাখ লোকৰ মৃত্যু হৈছিল

    আজি বিশ্ব এইড্‌ছ দিৱস। ৩১ বছৰ পূৰ্বে ১৯৮৮ চনত সমগ্ৰ বিশ্বত এইড্‌ছ ৰোগৰ বিষয়ে সজাগতা আনিবৰ বাবেই এই দিনটোক বাছনিকৃত কৰিছিল। ১৯৮৮ চন এইকাৰণেই আৰম্ভণি হিচাপে লোৱা হৈছিল যে সেই সময়ত এই ৰোগবিধ অধিক দ্ৰুত গতিত মানুহৰ মাজত বিয়পিব ধৰিছিল। ৯০ দশকৰ আৰম্ভণিত এই ৰোগ বিধে ভয়াৱহতাৰ চৰম সীমা পাইছিল, যাৰ কাৰণেই বিশ্ববাসীক এই ৰোগবিধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অধিক উৎসাহিত কৰিছিল ।

    পিছে বহু সজাগতাৰ পিছতো হ্ৰাস পোৱা নাই এইড্‌ছ আক্ৰান্ত লোকৰ সংখ্যা। আজিৰ দিনতো ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ৬০০ মহিলা এই ৰোগত প্ৰতিদেনে আক্ৰান্ত হৈ আছে। এই ৰোগ প্ৰতিৰোধৰ বহুতো আহিলা থকাৰ পিছতো তাৰ উচিত ব্যৱহাৰ নাই মানুহৰ মাজত।

    সজাগতা আনিবৰ বাবে কৰা বিজ্ঞাপন বোৰো আনকি মানুহে ৰাজহুৱাকৈ চাবলৈ লাজ কৰে। আজিৰ দিনতো লাজৰ বাবেই হওঁক ভয়ৰ বাবেই হওঁক নগৰ মহানগৰতো এটা কণ্ডম কিনিবলৈ যাবলৈ ইচ্চা নকৰে মানুহে। বৰ্তমানে বিশ্বত প্ৰায় ৭ কোটি ৪৯ লাখ লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত। এই এইডছ ৰোগৰ বাবেই ২০১৮ চনত ৭,৭০,০০০ লাখ লোকৰ মৃত্যু হৈছিল ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং