27 C
Guwahati
Saturday, December 4, 2021
More

    অমানুষিক! ৩গৰাকী মহিলাক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ আৰক্ষীৰ

    ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা

    ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই ৩ গৰাকী মহিলাক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ৩ গৰাকী মহিলাক গুৱাহাটীৰ পৰা উঠাই লৈ গৈছিল আৰক্ষীয়ে। প্ৰকৃত আচামীক নাপাই আত্মীয়ক উঠাই নি অত্যাচাৰ চলোৱাৰ লগতে যৌন নিৰ্যাতনো চলাইছিল বিষয়াগৰাকীয়ে।

    এজন স্থানীয় যুৱকৰ বিৰুদ্ধে এগৰাকী যুৱতীক পলুৱাই নিয়াৰ গোচৰ ৰুজু হৈছিল বুঢ়া আৰক্ষী চকীত। গোচৰ সন্দৰ্ভত অভিযুক্ত যুৱকজনক বিচাৰি গুৱাহাটীৰ পৰা যুৱকৰ বায়েক আৰু ভনীয়েকক উঠাই নিয়ে আৰক্ষীয়ে। আৰু তাৰ পাছতেই থানাত উঠাই লৈ গৈছিল। মূৰত ছাৰ্ভিচ ৰিভলভাৰ লগাই ভাবুকি দিয়াৰো অভিযোগ মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে।

    এজাহাৰ

    বিষয়াজনৰ বিৰুদ্ধ যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ। ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সন্দৰ্ভত মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰং আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগীৰ।

    এজাহাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং