31 C
Guwahati
Wednesday, September 28, 2022
More

    মৰেল পুলিচিং! নাৰিকল খোৱাৰ অপৰাধত নিৰ্মমভাৱে প্ৰহাৰ ৩ কিশোৰক

    মাৰপিটৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ৷ তাৰ পিছত নাৰিকল চুৰিৰ অভিযোগত ৩ কিশোৰক চমজাই দিয়া হৈছে ডবকা থানাত

    ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা। ডবকাত পুনৰ সংঘটিত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত৷ এটা নাৰিকল খোৱাৰ অপৰাধত ৩ কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ স্থানীয় একাংশৰ। চুলি কাটি, গাত এচিড ঢালি তিনি কিশোৰক নিৰ্মম শাস্তি মৰেল পুলিচৰ।

    ডবকাৰ চাংমাজি গাঁৱৰ জাকিৰ হুছেইন নামৰ লোকজনৰ ঘৰৰ নাৰিকল গছৰ পৰা এটা নাৰিকল আনি খাইছিল গাঁওখনৰ তিনি কিশোৰে৷ তাৰ পিছৰ দৃশ্য এয়া৷ নাৰিকল খোৱাৰ অপৰাধত তিনি কিশোৰক গছত বান্ধি এইদৰে নৃশংসভাৱে কৰিলে প্ৰহাৰ৷ কেৱল প্ৰহাৰেই নহয় কাটি দিয়া হৈছিল চুলি, গাত ঢালি দিয়া হৈছিল এচিড৷

    মাৰপিটৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ৷ তাৰ পিছত নাৰিকল চুৰিৰ অভিযোগত ৩ কিশোৰক চমজাই দিয়া হৈছে ডবকা থানাত ৷

    ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতো ডবকা আৰক্ষীয়ে মৰেল পুলিচৰূপী লোকসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনোধৰণৰ ব্যৱস্থা৷ ভুক্তভোগী কিশোৰ কেইজনৰ পৰিয়ালৰ পৰা এজাহাৰ পৰ্যন্ত লোৱা নাই ডবকা আৰক্ষীয়ে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং