বিধায়কক জৰিমণা বিহা কনিষ্টবলক সম্বৰ্ধনা জনোৱাক লৈ চৰকাৰৰ ওপৰত প্ৰচণ্ড ক্ষোভ বিধায়ক তেৰছ গোৱালাৰ। আমি তদন্ত বিচাৰিছিলো, তদন্ত চলি থাকোতেই সম্বৰ্ধনা কিয় জনালে বুলি প্ৰশ্ন উত্থাপন বিধায়কগৰাকীৰ। ‘দুজন বিধায়কক অপমান কৰা আৰক্ষীক চৰকাৰে সম্বৰ্ধনাহে দিলে, চৰকাৰে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগিব। মই বিধানসভাত এই বিষয়টো এইবাৰ উলিয়াম।’- এই মন্তব্য বিধায়ক তেৰছ গোৱালাৰ।
নিজৰ কৰ্তব্যত পিছ হুহুকি নাহি বিধায়কৰ গাড়ীত Wheel lock লগোৱা ট্ৰেফিক বিষয়া বিষ্ণু বৰাক আজি সম্বৰ্ধনা জনাইছিল অসম আৰক্ষীয়ে। ইয়াৰ পিছতে বিধায়ক তেৰছ গোৱালাই ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰৰ ওপৰত।
উল্লেখ্য যে মঙলবাৰে চানমাৰিৰ গোপীনাথ বৰদলৈ পথত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰিছিল বিধায়ক তেৰছ গোৱালাই। No Parkingত ৰাখিছিল বিধায়কজনৰ বাহন। ইয়াৰ পিছত যান-বাহন বিভাগৰ কনিষ্টবল বিষ্ণু বৰাই বিধায়কৰ গাড়ীত লগাইছিল wheel lock। বাহনত এনেদৰে wheel lock লগোৱা বাবে বিধায়কজনে হাত তুলিছিল আৰক্ষীৰ ওপৰত। আৰক্ষীজনক অশ্লীল গালি-গালাজো দিছিল।
Photo credit: Time8