অক্ষয় কুমাৰৰ অভিনীত ছবি ‘কেছৰী’য়ে যিমানখিনি প্ৰশংসা বুটলিবলৈ সক্ষম হয় সেই একে পৰিমানে জনপ্ৰিয় হ’ল ছবিখনৰ গানসমূহো। ছবিখনৰ দেশভক্তিমূলক গীত ‘তেৰী মিট্টী মে মিল জাৱা’ক দৰ্শকে যথেষ্ট পচন্দ কৰিছিল। বিগত বছৰত ২০১৯ত এই গীতটোৱে কেৱল ৱেষ্ট এলৱাম ছঙৰ লগতে বেষ্ট ট্ৰেক্স অব দ্যি ইয়াৰতো অন্তৰ্ভুক্ত আছিল। কিন্তু ফিল্মফেয়াৰত এই গীতটোৱে এৱাৰ্ড লাভ নকৰাত শোকত ভাঙি পৰা গীতিকাৰ মনোজ মুন্তছিৰে এৱাৰ্ড শ্ব’ক চিৰকালৰ বাবে বিদায় দিলে।
তেৰী মিট্টী গীতটোৰ গীতিকাৰ মনোজ মুন্তছিৰে টুইটাৰযোগে এৱাৰ্ড শ্ব’সমূহ চিৰদিনৰ বাবে বয়কট কৰিলে। তেওঁ টুইটাৰত লিখিলে- যদি মই সমগ্ৰ জীৱনজুৰি চেষ্টা কৰো তেতিয়াও হয়টো ‘তু কহতী থি তেৰা চান্দ হু ম্যে আৰু চান্দ হমেশা ৰহতা হ্যে’তকৈ শ্ৰেষ্ঠ আৰু লাইন লিখিব নোৱাৰিম। সেই শব্দসমূহক সন্মান দিবলৈ অসফল হ’ল যিয়ে কোটি কোটি ভাৰতীয়ক কন্দুৱাইছিল আৰু নিজৰ মাতৃভূমিৰ বিষয়ে চিন্তা কৰে। সেইবাবে আমি মই আপোনালোকক বিদায় দিলো। মই চৰকাৰীভাৱে ঘোষণা কৰিছো যে মই মোৰ শেষ উশাহ থকালৈকে কোনো এৱাৰ্ড শ্ব’তে অংশগ্ৰহণ নকৰো। অলবিদা।
উল্লেখ্য যে ফিল্মফেয়াৰ এৱাৰ্ড শ্ব’ত শ্ৰেষ্ঠ গীতিকাৰ বিভাগত অপনা টাইম আয়েগা গীতৰ বাবে ডিবাইন আৰু অংকুৰ তিৱাৰী, তুজে কিটনা চাহনে লগে গীতৰ বাবে মিথুন, বেখয়ালী গীতৰ বাবে ইৰছাদ কামিল আৰু তেৰী মিট্টী গীতৰ বাবে মনোজ মুন্তছিৰৰ নাম নমিনেট কৰা হৈছিল। ডিবাইন আৰু অংকুৰ তিৱাৰীক গলী বয়ৰ গানটোৰ বাবে শ্ৰেষ্ট গীতিকাৰৰ বঁটা প্ৰদান কৰা হ’ল। আৰু ইয়াৰ বাবে এৱাৰ্ড শ্ব’সমূহ বয়কট কৰিলে মনোজ মুন্তছিৰে।
Photo credit: hindustantimes.com