22 C
Guwahati
Thursday, January 20, 2022
More

    লভ জেহাদ! কন্যাক বিচাৰি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্ট; কি আছে পোষ্টটোত?

    যুৱতীগৰাকীক লভ জেহাদৰ চিকাৰ বনোৱা পাকিস্তানৰ নদিম নামৰ যুৱকজন ডুবাইৰ এখন ফাইভ ষ্টাৰ হোটেলত কৰ্মৰত৷ যুৱকজনে ফেচবুক একাউণ্টত লিখি ৰাখিছে- I Love Pakistan…

    উত্তৰ প্ৰদেশৰ মেৰুটৰ এক লভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী দুৰ্ভগীয়া পিতৃৰ ছ’চিয়েল মিডিয়াত সহায় বিচাৰি পষ্ট৷ সম্প্ৰতি এই পষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পিতৃৰ অভিযোগ তেওঁৰ কন্যা লভ জেহাদৰ চিকাৰ হৈছে৷ ছোৱালীজনীক এজন পাকিস্তানী যুৱকে ফুচুলাই পলোৱাই লৈ গৈছে ডুবাইলৈ৷

    মেৰুটৰ সাংসদ ৰাজেন্দ্ৰ আগৰৱালাই এই বিষয়টো বৃহস্পতিবাৰে সংসদতো উত্থাপন কৰিছে৷ পিতৃ গৰাকীয়ে টুইটাৰ বায়’ত লিখিছে যে ‘মই কেৱল মোৰ ছোৱালীজনীক ঘূৰাই পোৱাৰ আশাত এই টুইটাৰ একাউণ্টটো খুলিছো৷’

    মেৰুটৰ কাংকেড় খেৰাৰ নিৱাসী কিষান গুপ্তাই যোৱা ১৭ নৱেম্বৰত টুইটাৰৰ আৱেগিক পষ্টটোত লিখিছিল- ‘‘মই এজনী ১৮ বছৰীয়া ছোৱালীৰ দুৰ্ভগীয়া পিতৃ৷ পাকিস্তানৰ এজন যুৱকে মোৰ অবুজ ছোৱালীজনীক প্ৰেমৰ জালত পেলাই ফুচুলাই লৈ গ’ল ডুবাইলৈ৷ নাজানো এতিয়া মোৰ ছোৱালীজনী কেনে অৱস্থাত আছে৷’’

    উল্লেখ্য যে যুৱতীগৰাকীয়ে পাকিস্তানী যুৱকজনৰ সৈতে হোৱাটছএপত সঘনাই বাৰ্তালাপ কৰিছিল৷ তেওঁ ৪ নৱেম্বৰত এখন পাছপৰ্টও উলিয়াই আৰু ঠিক ৪দিনৰ পাছত যুৱতীগৰাকী ৭,০০০ টকা, পাছপৰ্ট আৰু যাৱতীয় নথি পত্ৰ লৈ নিৰুদ্দেশ হয়৷ অনুসন্ধানত ওলাইছে যে ডুবাইলৈ যোৱাৰ বিমানৰ টিকট যুৱতীগৰাকীয়ে নিজেই কৰিছিল৷

    যুৱতীগৰাকীক লভ জেহাদৰ চিকাৰ বনোৱা পাকিস্তানৰ নদিম নামৰ যুৱকজন ডুবাইৰ এখন ফাইভ ষ্টাৰ হোটেলত কৰ্মৰত৷ যুৱকজনে ফেচবুক একাউণ্টত লিখি ৰাখিছে- I Love Pakistan…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং