31 C
Guwahati
Saturday, October 1, 2022
More

    দিল্লীঃ কাকতী ফৰিং খেদাবলৈ ঢোল, ফটকা আৰু DJ বজোৱাৰ পৰামৰ্শ, কেইবাটাও এলেকাত হাই এলাৰ্ট

    ডিজে বজোৱা, ফটকা আৰু নীমৰ পাত জ্বলোৱাৰ বিষয়ে জনোৱাৰ লগতে ৰাইজক যিমান সম্ভৱ সহায় কৰাৰো পৰামৰ্শ দিয়ে

    দিল্লীত কাকতী ফৰিঙৰ সমস্যাৰ বাবে দিল্লী চৰকাৰে এখন বিশেষ জাননী জাৰি কৰিছে।

    চৰকাৰে দক্ষিণ আৰু পশ্চিম জিলাত হাই এলাৰ্ট ঘোষণা কৰিছে।

    বৈঠকত বিকাশ সচিব, বিভাগীয় আয়ুক্ত, কৃষি পৰিচালক, ডিএম দক্ষিণ দিল্লী, ডিএম পশ্চিম দিল্লী উপস্থিত থাকে।

    ইয়াৰোপৰি দিল্লী চৰকাৰে উন্নয়ন সম্পাদক, বিভাগীয় সম্পাদক, বিভাগীয় আয়ুক্ত আৰু কৃষি তথা উদ্যানৰ নিৰ্দেশকক জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

    দিল্লী চৰকাৰে জিলা মেজিষ্ট্ৰেটসকলক পৰামৰ্শ প্ৰদান কৰিছে যে তেওঁলোকে কাকতী ফৰিঙৰ দলটোক খেদাবলৈ ড্ৰাম আৰু বাচন বজোৱা,

    ডিজে বজোৱা, ফটকা আৰু নীমৰ পাত জ্বলোৱাৰ বিষয়ে জনোৱাৰ লগতে ৰাইজক যিমান সম্ভৱ সহায় কৰাৰো পৰামৰ্শ দিয়ে।

    তথ্য অনুসৰি দিল্লীত বৰ্তমান কাকতী ফৰিঙৰ যিটো দল আহিছে সেইটো বহুত সৰু। দিল্লী চৰকাৰে সমগ্ৰ পৰিস্থিতিত নজৰ ৰাখিছে।

    দক্ষিণ দিল্লী আৰু পশ্চিম দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে। বৰ্তমান বতাহৰ যিটো গতি সেয়া দক্ষিণ দিশে আগবাঢ়িছে।

    যদি বতাহৰ কোনো পৰিৱৰ্তন হয় তেন্তে দিল্লীৰ ফালে ফৰিঙৰ দলটোৱ গতি ল’ব পাৰে।

    যাৰ বাবে সমগ্ৰ পৰিস্থিতি মনিটৰ কৰি থকা হৈছে।

    দিল্লীৰ প্ৰতিগৰাকী DM, SDM আৰু MCDসহ প্ৰতিগৰাকী অথৰিটীক দিল্লী চৰকাৰৰ ফালৰ পৰা তত্কালীন জাননী জাৰি কৰা হৈছে।

    Photo Credit: The Print

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং