27 C
Guwahati
Wednesday, June 29, 2022
More

    ১০০-২০০ টকাত মেনেজ আৰক্ষী,টীয়কত এটা পথ দুৰ্ঘটনাই উদঙাইছে প্ৰশাসনৰ ফোঁপোলা স্বৰূপ

    লকডাউনৰ সময়চোৱাতো একাংশ আৰক্ষীয়ে যদি দায়িত্বত গাফিলতি কৰে তেন্তে সফল হ'ব নে ৰাইজৰ সহযোগত অসম চৰকাৰে কৰি যোৱা এই কৰ'ণা বিৰোধী যুঁজখন ?

    যিসময়ত যোৰহাট জিলা প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে শাক পাচলি পৰিবহণ কৰা ট্ৰাকৰ ওপৰত সেইসময়ত প্ৰশাসনৰ দুৰ্বলতা বা মেনেজ অংকত ৰাজপথেৰে পাৰ হোৱা ট্ৰাকক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ৷ মাত্ৰ দুটা দিনৰ ব্যৱধানত যোৰহাট,কাকজান আৰু টীয়কত এনে ট্ৰাক জব্দ হোৱাৰ পিছত পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে একেই pass লগোৱা WB 73 E 3327 নম্বৰৰ এখন ট্ৰাকৰ৷ ঘটনাৰ বিৱৰণী মতে টীয়ক আৰক্ষীৰ অন্তৰ্গত মুদৈজান তিনিআলিত শনিবাৰে নিশা এখন শাক পাচলি পৰিৱহণ কৰা ট্ৰাক দুৰ্ঘটনাত পতিত হয়৷ তাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ সেই সময়তে সাংবাদিকৰ তৎপৰতাত পুনৰ পোহৰলৈ আহে আন দুখন ট্ৰাক৷

    সেইসময়তে এজন ড্ৰাইভাৰে স্বীকাৰ কৰি কয় যে ঠায়ে ঠায়ে ১০০, ২০০ টকা আৰক্ষীক দি অহাৰ কথা৷ লকডাউনৰ সময়চোৱাতো একাংশ আৰক্ষীয়ে যদি দায়িত্বত গাফিলতি কৰে তেন্তে সফল হ’ব নে ৰাইজৰ সহযোগত অসম চৰকাৰে কৰি যোৱা এই কৰ’ণা বিৰোধী যুঁজখনে৷ যিসময়ত একাংশ আৰক্ষীয়ে সততা নিষ্ঠাৰে কাম কৰিছে তেনে সময়ত কিহৰ বাবে প্ৰতিদিনে পৰিবহণ হৈছে নামনি উজনিলৈ শাক পাচলি পৰিৱহণ হোৱা ট্ৰাক, তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং