27 C
Guwahati
Monday, November 29, 2021
More

    তুমি বৰ নীচ আচৰণ দেখুৱালা! কেটী পেৰী কিয় এনেদৰে ক’লে অনুৰাগীয়ে

    বিমান বন্দৰত সুৰক্ষা কৰ্মীয়ে তেওঁৰ পাছপৰ্ট বিচৰাত তেওঁ ক্ষন্তেক সময় থমকি ৰয় আৰু সুৰক্ষা কৰ্মীগৰাকীক উপেক্ষা কৰি আগুৱাই যায়। ইয়াৰ উপৰিও সুৰক্ষা কৰ্মীয়ে সোধা প্ৰশ্নৰো কোনো উত্তৰ নিদিয়ে কেটী পেৰীয়ে। এই ভিডিঅ'টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে

    আন্তঃৰাষ্ট্ৰীয় সংগীত চাঞ্চল্য, আমেৰিকান পপ তাৰকা কেটি পেৰী এক সংগীতানুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যৰে ১২ নৱেম্বৰত ভাৰতলৈ আহিছিল। ভাৰতত কেটি পেৰীৰ মান সন্মান আলপৈচানৰ নামত কোনোধৰণৰ ক্ৰটি ৰখা নাছিল। বলীউডৰ ৰথী মহাৰথীসকলেও কেটী পেৰী যাতে কোনো কাৰণতে অসন্তুষ্ট নহয় তাৰবাবে ধ্যান ৰাখিছিল।

    Photo Credit: Twitter

    বৰ্তমান কেটী পেৰীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। ভিডিঅ’টোত বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে কেটী পেৰীক। দৰাচলতে তেওঁ আমেৰিকালৈ ৰাওনা হ’বলৈ বিমানবন্দৰটোত উপস্থিত হৈছিল। সেই সময়ত সংগীত তাৰকাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক অট’গ্ৰাফো দিয়ে।

    Photo Credit: Twitter

    ইয়াৰ পিছতেই বিমানবন্দৰত সুৰক্ষা কৰ্মীয়ে তেওঁৰ পাছপৰ্ট বিচৰাত তেওঁ ক্ষন্তেক সময় থমকি ৰয় আৰু সুৰক্ষা কৰ্মীগৰাকীক উপেক্ষা কৰি আগুৱাই যায়। ইয়াৰ উপৰিও সুৰক্ষা কৰ্মীয়ে সোধা প্ৰশ্নৰো কোনো উত্তৰ নিদিয়ে কেটী পেৰীয়ে। এই ভিডিঅ’টো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেটীৰ এই ভাইৰেল ভিডিঅ’টোত অনেক লোকেই নেতিবাচক মন্তব্য কৰিছে।

    Photo Credit: Twitter

    এজনে লিখিছে কেটী পেৰী হ’ব পাৰে আন্তঃৰাষ্ট্ৰীয় তাৰকা কিন্তু তেওঁৰ ভাৰতীয় আইন আৰু সুৰক্ষা প্ৰট’কল উলংঘা কৰাৰ কোনোধৰণৰ অধিকাৰ নাই। আন এজনে লিখিছে আমাৰ দেশৰ চেলিব্ৰেটীয়ে যদি তেওঁলোকৰ দেশত এনেকুৱা ব্যৱহাৰ কৰে তেন্তে কি হলহেঁতেন! তুমি বৰ নীচ আচৰণ দেখুৱালা কেটী!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং