30 C
Guwahati
Wednesday, October 5, 2022
More

    দুৰ্গা পূজাৰ প্ৰাকক্ষণত গোলাঘাটত গ্ৰেণেড আৰু গুলী উদ্ধাৰ

    বিতৰ্কিত পাপু আলী নাম লোকজন ড্ৰাগছ ব্যবসায়ীৰ লগত জড়িতৰ অভিযোগত জেললৈও প্ৰেৰণ কৰা হৈছিল

    দুৰ্গা পূজালৈ মাজত মাথো আৰু দুটামান দিন। পূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসনৰ লোক। কিন্তু তাৰ মাজতে বিভিন্ন স্থানত সংঘটিত হৈছে অপৰাধজনিত ঘটনা।

    গোলাঘাটৰ ফৰকাটিঙৰ ২নং বৰফুকন খাটৰত পাপু আলী নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ গ্ৰেণেড, গুলী আৰু সামৰিক পোছাক। বৰ্তমান পলাতক পাপু আলী নামৰ লোকজন। ফৰকাটিং আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

    উল্লেখ্য যে, বিতৰ্কিত পাপু আলী নাম লোকজন ড্ৰাগছ ব্যবসায়ীৰ লগত জড়িতৰ অভিযোগত জেললৈও প্ৰেৰণ কৰা হৈছিল। ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলটোত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং