33 C
Guwahati
Wednesday, September 28, 2022
More

    মেধাৱী ছাত্ৰীক চলন্ত ৰে’লত ধৰ্ষণ-হত্যাঃ অভিযুক্ত বিকাশ দাসক মৃত্যুদণ্ডৰ ৰায়

    ২০১৮ বৰ্ষৰ ১০ জুলাইত সংঘটিত হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ কৃতী ছাত্ৰীৰ হত্যাকাণ্ড

    শিৱসাগৰত ৰে’লত এগৰাকী যুৱতীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত বিকাশ দাসক ৩০২ ধাৰাত মৃত্যুদণ্ড আৰু ৩৭৬(১) ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহে শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ সুনীল কুমাৰ পড্ডাৰৰ আদালতত এই ৰায় দিয়ে।

    অভিযুক্ত দাসক চলিত বছৰৰ ২৭ ছেপ্টেম্বৰত আদালতে দোষী সাব্যস্ত কৰিছিল আৰু শাস্তি প্ৰদান সন্দৰ্ভত ৰায়দান আজি প্ৰদান কৰাৰ কথা আছিল। আদালতত অভিযুক্ত পক্ষৰ অধিবক্তাই কঠোৰতম শাস্তি প্ৰদান নকৰিবলৈ আবেদন জনাই এক প্ৰাৰ্থনা জনায় । আদালতে এই সন্দৰ্ভত দুই পক্ষৰ যুক্তি ৩ অক্টোবৰত শুনাৰ পিছত আজি চূড়ান্ত ৰায় দিয়ে।

    উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ১০ জুলাইত সংঘটিত হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ কৃতী ছাত্ৰীৰ হত্যাকাণ্ড। তিনিচুকীয়া- ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলৰ দিব্যাংগৰ বাবে সংৰক্ষিত দবাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। আইতাকৰ ঘৰলৈ গৈছিল দুৰ্ভগীয়া ছাত্ৰীগৰাকী। শিমলুগুৰিত ৰেলৰ শৌচালয়ত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ মৃতদেহ৷ গামোচাৰে ডিঙিত চেপি হত্যা কৰা হৈছিল ছাত্ৰীগৰাকীক৷ হত্যাকাণ্ডৰ পাছত কৰা হৈছিল ধৰ্ষণ।

    পৰৱৰ্তী সময়ত ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান চলাই ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত ২ অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেক আটক কৰিবলৈ সক্ষম হৈছিল। বিপিন পাণ্ডেক গোচৰৰ পৰা মুক্তি কৰি দিয়া হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং