24 C
Guwahati
Thursday, October 21, 2021
More

    ফিল্মফেয়াৰ এৱাৰ্ডছক লৈ মহানগৰ যান–বাহন আৰক্ষীৰ যান–বাহন নীতি-নিয়ম, ক’ত No Entry

    অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত হ'বলৈ গুৱাহাটীৰ যান–বাহন আৰক্ষীয়ে দৰ্শকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

    ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বহু প্রতীক্ষিত ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে সাজু হৈ উঠিছে সমগ্ৰ গুৱাহাটী। সৰুসজাই ষ্টেডিয়ামৰ মঞ্চ আটকধুনীয়াকৈ সজাই তোলা হৈছে।

    অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত হ’বলৈ গুৱাহাটীৰ যান–বাহন আৰক্ষীয়ে দৰ্শকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

    • যিসমূহ বাহন ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব সেই বাহনসমূহকে বৈধ গাড়ীৰ পাছ প্ৰদান কৰা হ’ব। আয়োজকে টিকট হলডাৰক ইতিমধ্যে গাড়ীৰ পাছসমূহ বিতৰণ কৰিছে।
    • অন্য দৰ্শকসকলে ৰংমন পইণ্টতে নিজৰ বাহনসমূহৰ পৰা নামিব লাগিব আৰু ষ্টেডিয়ামৰ ভিতৰলৈ খোজকাঢ়িয়েই যাব লাগিব।
    • ষ্টেডিয়ামৰ বাহিৰত ২৭টা পাৰ্কিং স্থানৰ ব্যৱস্থা কৰা হৈছে।
    • লখৰাৰ ফালৰ পৰা অহা বাহনসমূহে যাত্ৰীসকলক ছাৰ্ভিচ ৰোডতে নমাই দিব লাগিব আৰু পাৰ্কিঙৰ বাবে যাব লাগিব বেহৰবাৰীলৈ।
    • খানাপাৰাৰ পৰা অহা বাহনসমূহ পাৰ্কিঙৰ বাবে লখৰা হৈ যাব লাগিব। পাৰ্কিঙৰ বাবে যান-বাহন কৰ্মীয়ে সহযোগিতা প্ৰদান কৰিব।
    • প্ৰতিগৰাকী দৰ্শকে গেট 1A,1B আৰু 1Cৰে প্ৰৱেশ কৰিব।
    • হকী ষ্টেডিয়ামৰ পৰা সাওকুচিলৈ আৰু সাওকুচিৰ পৰা হকী ষ্টেডিয়ামলৈ যোৱা পথত No Entry ।
    • স্থানীয় নিৱাসী, আৰক্ষী-প্ৰশাসনৰ বাহন আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই প্ৰদান কৰা হ’ব।

    অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱণ, বিকী কৌশল, মাধুৰী দীক্ষিত, ৰাধিকা আপ্টে, পৰিনীতি চোপ্ৰা, কৰণ জোহৰ, আয়ুষ্মান খুৰানা, জাহ্নৱী কাপুৰ, আলী ফজল, মনিষ পল, ৰাজকুমাৰ ৰাওৰ লগতে আৰু কেইবাজনো তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

    সন্ধিয়াৰ বিশেষ অনুষ্ঠানত অসমৰ লোক-সংস্কৃতিয়ো প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত আছে সত্ৰীয়া, বিহু আৰু জনগোষ্ঠীয় নৃত্য। আইমী বৰুৱা, গায়ত্ৰী মহন্ত, সীতাৰাণী হাজৰিকা, সেউজপ্ৰিয়াৰ থাকিব অনুষ্ঠান।

    Photo credit: livemint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং