24 C
Guwahati
Thursday, October 21, 2021
More

    যমুনামুখত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ

    হোজাইৰ যমুনামুখত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত এদল উদণ্ড যুৱকে চলাইছিল তাণ্ডৱ। যুৱকৰ দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল বিদ্যুত নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰী মুকুন্দ দত্ত

    বুধবাৰে নিশা যমুনামুখ নগঞাপাম বিদ্যুৎ কক্ষৰ কৰ্মচাৰী মুকুন্দ দত্তক কেইজনমান উদণ্ড যুৱকে প্রহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল। ঘটনা সন্দৰ্ভত মূল অভিযুক্ত অনুপম শইকীয়াক গ্ৰেপ্তাৰ। ধৃত অনুপম নগঞাপাম গাঁৱৰ। ইফালে আক্ৰমণৰ বলি হোৱা আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজন বৰ্তমান চিকিৎসালয়ত চিকিত্সাধীন।

    আহত কৰ্মচাৰীজন

    উল্লেখ্য যে, হোজাইৰ যমুনামুখত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত এদল উদণ্ড যুৱকে চলাইছিল তাণ্ডৱ। যুৱকৰ দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল বিদ্যুত নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰী মুকুন্দ দত্ত। আহত মুকুন্দ দত্তৰ ঘৰ নগাঁৱৰ তেলিয়া গাঁৱত। একাংশ স্থানীয় লোকে কৰ্মচাৰীজনক উদ্ধাৰ কৰি যমুনামুখ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাছিল। প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

    বুধবাৰে যমুনামুখৰ নগাঞাপামকে ধৰি এটা বৃহৎ এলেকাত বিদ্যুৎ যোগান বন্ধ কৰি ৰখাৰ বাবেই সংঘটিত হৈছিল এই ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং